Home মুখ্য পৃষ্ঠা গৰৈমাৰীত পথ দুৰ্ঘটনাত মহিলাসহ তিনিজন আহত: সংকটজনক অৱস্থাত দুজনক জি এম...

গৰৈমাৰীত পথ দুৰ্ঘটনাত মহিলাসহ তিনিজন আহত: সংকটজনক অৱস্থাত দুজনক জি এম চি এইছলৈ প্ৰেৰণ

102
0

গৰৈমাৰীত পথ দুৰ্ঘটনাত মহিলাসহ তিনিজন আহত:

  • সংকটজনক অৱস্থাত দুজনক জি এম চি এইছলৈ প্ৰেৰণ

দৈনন্দিন বাৰ্তাৰ Live, সোণতলীৰ পৰা ৰেজাউল কবিৰ, ২৯ জানুৱাৰী: দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত আজি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এগৰাকী মহিলাসহ তিনিজনকৈ লোক গুৰুতৰভাবে আহত হয় ৷ জানিব পৰা মতে, গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰভিটা গাঁও নিৱাসী হবিবৰ ৰহমানৰ পুত্ৰ কুৰবান আলীয়ে তেঁওৰ ভন্টী স্বোনাভানুক বাইকত উঠাই আজি দিনৰ প্ৰায় ১-৩০ বজাত গৰৈমাৰী বজাৰৰ পৰা টুক্ৰাপাৰা অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা তামুলদী গাঁৱৰ আনোৱাৰ হোছেইনৰ বাইকৰ লগত মুখামুখী খুন্দা লাগে ফলত এ এছ ০১ বি জেদ -১১৪৮ আৰু এ এছ ২৫ এফ – ৭৮০৮ নম্বৰৰ বাইক দুখনত থকা আনোৱাৰ হোছেইন, কুৰবান আলী আৰু স্বোনাভানু নামৰ ব্যক্তি কেইজনে গুৰুতৰভাবে আহত হয় ৷ পিছত স্থানীয় ৰাইজে দুৰ্ঘটনাস্থলীৰ পৰা তিনিওজনকে উদ্ধাৰ কৰি তৎক্ষনাত গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ৷ ইফালে দুৰ্ঘটনাত গুৰুতৰভাবে আহত হোৱা কুৰবান আলী আৰু স্বোনাভানুক চিকিৎসকে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here