Home মুখ্য পৃষ্ঠা লাওখোৱাত চোৰাং চৰাই চিকাৰীৰ বিৰুদ্বে তীব্ৰ অভিয়ান বন বিভাগৰ

লাওখোৱাত চোৰাং চৰাই চিকাৰীৰ বিৰুদ্বে তীব্ৰ অভিয়ান বন বিভাগৰ

265
0

লাওখোৱাত চোৰাং চৰাই চিকাৰীৰ বিৰুদ্বে তীব্ৰ অভিয়ান বন বিভাগৰ

  • ১০ টা কৈ বনৰীয়া চৰাই উদ্বাৰ

 জহিৰুল ইছলাম-ৰূপহীহাটৰ- ৩০ জানুৱাৰীঃ নগাঁও বন্যপ্ৰানী সংমণ্ডৰ অন্তৰ্গত গড়াজান ৰেঞ্জৰ বনকৰ্মীয়ে এক গোপন সূত্ৰৰ পম খেদি আজি নিশা ১০ বজাত অভিযান চলাই খাটোৱাল গাঁওৰ পৰা ১০ টা কৈ বনৰীয়া চৰাই,ফান্দিজাল আৰু চৰাই নিদন কৰা আন আন স-সামগ্ৰী জব্দ কৰে ৷উক্ত অভিয়ান কালত এলপি এছৰ সদস্যও বনকৰ্মীৰ লগত আছিল ৷উল্লেখ্য যে শীতৰ আগমনৰ লগে লগে লাওখোৱা অভয়াৰণ্যৰ আশে পাশে থকা বিল,জলাশয় সমূহত পৰীভ্ৰমী চৰাইৰ আগমন ঘটে ৷পৰিভ্ৰমী চৰাইৰ আগমনৰ সময়ত এটা দুষ্ট চক্ৰই পক্ষী নিধনৰ বাবে উঠি পৰি লাগে যাৰ বাবে বহু পৰিভ্ৰমী চৰাই দুষ্টচক্ৰটোৱে নিধন কৰে ৷কিন্তু নগাঁও বন্যপ্ৰাণী সংমণ্ডৰ বিষয়া জীতেন্দ্ৰ কুমাৰৰ কঠোৰ নিদ্দেশত বনকৰ্মী সকলে লাওখোৱা অভয়াৰন্যৰ আশে পাশে চোৰাং চিকাৰীৰ বাবে তীব্ৰ অভিয়ান অব্যাহত ৰাখিছে আৰু যোৱানিশা চোৰাং চিকাৰীৰৰ কৱলৰ পৰা ১০ টাকৈ পৰিভ্ৰমী চৰাই আৰু চৰাই নিধন কৰা সা-সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷প্ৰকৃতিপ্ৰেমী ৰাইজ আৰু প্ৰকৃতীপ্ৰেমী সংগঠন সমূহে জিলা বন বিষয়া জীতেন্দ্ৰ কুমাৰৰ লগতে বনকৰ্মী আৰু এলপিএচৰ সদস্যসকলৰ এনে পদক্ষেপত একেমুখে শলাগ লৈছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here