Home মুখ্য পৃষ্ঠা মুকলি সভাৰে সামৰণি পৰিল হাওৰাঘাটত বিচু ডিমা উৎসৱ উন্মোচন কৰা...

মুকলি সভাৰে সামৰণি পৰিল হাওৰাঘাটত বিচু ডিমা উৎসৱ উন্মোচন কৰা হ’ল স্মৃতিগ্ৰন্থ ৰাংবাৰছা

98
0

মুকলি সভাৰে সামৰণি পৰিল হাওৰাঘাটত বিচু ডিমা উৎসৱ

  • উন্মোচন কৰা হ’ল স্মৃতিগ্ৰন্থ ৰাংবাৰছা


হাওৰাঘাট ৩০ জানুৱাৰীঃ তিনিদিনীয়া বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে হাওৰাঘাটৰ পশ্চিম গজালিপাৰত চলি থকা দ্বিতীয় বাৰ্ষিক বিচু ডিমা উৎসৱ কালি মুকলি সভাৰে সফল সামৰণি পৰে। হাওৰাঘাট বিচু ডিমা হচমৰ সভাপতি ড০ মদন দাউলাগাজাওৰ পৌৰহিত্যত অনুষ্ঠিত এই মুকলি সভাত বিশিষ্ট চিকিৎসক ডাঃ  নিগমানন্দ মাইথাৰ, ডিমাচা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক গোপাল থাউচেন, হাওৰাঘাট ভিডিচিৰ অধ্যক্ষ যীশু কেম্প্ৰাই প্ৰমূখ্যে বহুকেইজন ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
এই অনুষ্ঠানৰ মাজতে আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ী হাওৰাঘাটৰ যুৱক হামজানন লাংথাছা আৰু হাওৰাঘাটৰ জিয়ৰী ACS স্নিগ্ধা মাইথাৰক বিচু ডিমা হচমৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আনহাতে এই অনুষ্ঠানৰ মাজতে ডিমাচা পৰম্পৰাগত নৃত্যৰে উদযাপনস্থলী মুখৰিত কৰি তোলে স্থানীয় শিল্পীবৃন্দই।
এই মুকলি সভাতেই স্মৃতিগ্ৰন্থ “ৰাংবাৰছা” আৰু হাওৰাঘাট বিচু ডিমা হছমৰ সংবিধানখন উন্মোচন কৰে ডাঃ নিগমানন্দ মাইথাৰ আৰু অন্যান্যসকলে।
উল্লেখ্য যে শেহতীয়াকৈ ডিমা হাচাও জিলাৰ মাইবঙত সংঘটিত কাণ্ডৰো তীব্ৰ নিন্দা কৰি দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী উত্থাপন কৰে বিশিষ্ট ডিমাচা সাহিত্যিক গোপাল থাউচেনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here