Home মুখ্য পৃষ্ঠা নগাওঁ জিলাৰ ৰূপহীহাটৰ জুৰীয়াত অাজৱ ঘটনা  ভণ্ড বাবাৰ কবলত পৰি সৰ্বস্বান্ত...

নগাওঁ জিলাৰ ৰূপহীহাটৰ জুৰীয়াত অাজৱ ঘটনা  ভণ্ড বাবাৰ কবলত পৰি সৰ্বস্বান্ত হল বাসুদেৱ 

114
0

নগাওঁ জিলাৰ ৰূপহীহাটৰ জুৰীয়াত অাজৱ ঘটনা

  •  ভণ্ড বাবাৰ কবলত পৰি সৰ্বস্বান্ত হল বাসুদেৱ 

জহিৰুল ইছলাম-ৰূপহীহাট,৩০ জানুৱাৰী:ৰূপহীহাট সমষ্টিৰ জুৰীয়া থানাৰ সমীপতে সংঘটিত হৈছে এক অাজৱ ঘটনা । কেইদিনমানৰ অাগত ৰাজু অালী নামৰ স্থানীয় লোক এজনে বাসুদেৱৰ ঘৰত লৈ অানিছিল এজন ভণ্ড বাবাক । উল্লেখ্য যে , এবছৰত তিনিগৰাকীকৈ লোক অগা পিছাকৈ মৃত্যুমুখত পৰিছিল বাসুদেৱৰ পৰিয়ালত । সেয়ে বাসুদেৱ শৰণাপন্ন হৈছিল ভণ্ড বাবাৰ ওচৰত। ভণ্ড বাবাই  বাসুদেৱৰ ঘৰত উপস্থিত হয় অাৰু বাসুদেৱৰ ঘৰৰ চৌহদৰ মাটিৰ তলত  এটি সোন ভৰ্ত্তি   কলহ থকাৰ কথা অৱগত কৰে অাৰু সোনখিনিৰ মুল্য অানুমানিক ৫০ কোটি টকা ।   । সোনভৰ্তি  কলহ উদ্ধাৰ কৰিলেহে  ঘৰখনৰ অমংগল দূৰ হব । ইয়াৰ   বাবে  পুজা পাতলৰ  খৰচৰ বাবদ সত্তৰ হাজাৰ টকা অাগধন বিচাৰে । দৰিদ্ৰ বাসুদেৱে ধাৰ ঋণ কৰি ভণ্ড বাবাক অাদায় দিয়ে সত্তৰ হাজাৰকৈ টকা । টকা অাদায়ৰ পিছত বাবাই এদিন নিশা বাসুদেৱৰ ঘৰৰ পিছফালে পথাৰত গাত খান্দি উদ্ধাৰ কৰে সেই পঞ্চাশ কোটি টকা ভৰ্তি  সোনৰ কলহ । কলহটোৰ মুখখন কাপোৰেৰে মেৰিয়াই গতাই দিয়ে গৃহস্থক । পিছে , পাচদিনৰ মুৰতহে কলহৰ মুখখন খুলিবলৈ দিলে ভণ্ডবাবাই । অাৰু এই পাচদিনৰ ভিতৰত বাবাক অাদায় দিব লাগিব  ৬  লাখ টকা । দৰিদ্ৰ বাসুদেৱে ৬ লাখ টকা বিচাৰি হাবাথুৰি খাই থকাৰ সময়তে বাসুদেৱৰ খুৰীয়ে কলহটো খুলি চাই মুৰে কপালে হাত দিলে । কলহৰ ভিতৰত সোনৰ পৰিবৰ্তে অাছিল শিলগুটিহে । ঘটনা সংক্ৰান্তত আজি জুৰীয়া থানাত ভণ্ড বাবাক লৈ অনা স্থানীয় লোক ৰাজু অালীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বাসুদেৱে ।  এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জুৰীয়াতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here