Home মুখ্য পৃষ্ঠা মৰাণত তেল টেংকাৰ আৰু ট্ৰেভেলাৰ মাজত সংঘৰ্ষ: ভয়ানক পথ দুৰ্ঘটনাত ১৭জন...

মৰাণত তেল টেংকাৰ আৰু ট্ৰেভেলাৰ মাজত সংঘৰ্ষ: ভয়ানক পথ দুৰ্ঘটনাত ১৭জন যাত্ৰী গুৰুতৰ ভাৱে আহত

128
0

মৰাণত তেল টেংকাৰ আৰু ট্ৰেভেলাৰ মাজত সংঘৰ্ষ:

  • ভয়ানক পথ দুৰ্ঘটনাত ১৭জন যাত্ৰী গুৰুতৰ ভাৱে আহত

——————————————————————
দৈনন্দিন বাৰ্তাLive@( কৰুণা ফুকন),মৰাণ;৩০ জানুৱাৰী: মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ নাহৰণিত আজি পুৱা ৮-২০ বজাত সংঘটিত এক ভয়ানক তথা শোকাৱহ পথ দুৰ্ঘটনাত ১৭ জন যাত্ৰী গুৰুতৰ ভাৱে আহত হয় ৷ ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ অভিমুখি AS-01-FC-6592 নম্বৰৰ যাত্ৰী ট্ৰেভেলাৰখনত পাছফালৰ পৰা তীব্ৰ গতিৰে খুন্দিয়ালে NL-02-N-9819 নম্বৰৰ এখন তেল পৰিবাহী টেংকাৰে৷ ফলত পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে  ২০ জনৰো অধিক যাত্ৰী কঢ়িয়াই অনা ট্ৰেভেলাৰ গাড়ীখন। পিছত স্থানীয় ৰাইজে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ ভিতৰৰ পৰা গাড়ীৰ গ্লাছ ভাঙি যাত্ৰী সকলক উদ্ধাৰ কৰি মৰাণ এম এম চি   আৰু মৰাণ তিলৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। গুৰুতৰ ভাৱে আহত টিংখাঙৰ ধমনৰ পৰাগ মেছ(১৯),মাজুলীৰ বিনোদ পেগু(২৭),মৰাণৰ ক্ৰমে তেজিনা বেগম(৪০), গায়তী চোতীয়া(২৩),অমিয় বৰা(৪০),প্ৰিয়মা দিহিঙ্গীয়া(৪১),প্ৰদীপ বৰঠাকুৰ(৬০)প্ৰপুলী বৰঠাকুৰ(১৬), ধেমেচিৰ ৰুহিনী সন্দিকৈ(৫০)আৰু তেওঁৰ পত্নী মণিমালা সন্দিকৈ(৪৮),মৰাণ লেঙেৰীৰ ৰঞ্জন গগৈ৩০)আৰু তেওঁৰ পত্নী লিপিকা গগৈ(২৭),চেপনৰ স্বপ্নালী দত্ত(৪২),চেপন ডবাৰ ধনেশ্বৰী স্বনামী(৪০), ডিব্ৰুগড়ৰৰ স্বামীক চৌধাৰী(২৯),যোৰহাটৰ ৰাজীৱ শৰ্মা(৫৩) আৰু নগাঁওৰ সুমীৰ নাথ(৩২)ক মৰাণৰ দুয়োখন চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ কৰি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।ইয়াৰে ভিতৰত কেইবাজনো যাত্ৰী অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
  ইফালে ঘটনা সংঘটিত কৰি পলাই যাবলৈ সক্ষম হোৱা তেল পৰিবাহী টেংকাৰখনৰ লগতে চালকজনক ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে দৰিকা পাৰত আটক কৰিছে। তেল টেংকাৰখনৰ চালকৰ ভুলৰ বাবে দুৰ্ঘটনাতো সংঘটিত হবলৈ পালে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।
                         

LEAVE A REPLY

Please enter your comment!
Please enter your name here