Home মুখ্য পৃষ্ঠা মিছামাৰীত গাঁওৰক্ষী বাহিনীৰ ৬৯তম প্ৰতিষ্ঠা দিৱস উদযাপনঃ

মিছামাৰীত গাঁওৰক্ষী বাহিনীৰ ৬৯তম প্ৰতিষ্ঠা দিৱস উদযাপনঃ

156
0

মিছামাৰীত গাঁওৰক্ষী বাহিনীৰ ৬৯তম প্ৰতিষ্ঠা দিৱস উদযাপনঃ

  •  গাঁওৰক্ষী বাহিনী এটা অঞ্চলৰ শান্তি সম্প্ৰীতিৰ ৰক্ষাৰ বাহকঃ

__________________________________

দৈনন্দিন বাৰ্তাlive@(পবিত্ৰ কুমাৰ দাস) ঢেকীয়াজুলিঃ৩০জানুৱাৰী সমগ্ৰ ৰাজ্যৰ লগতে  কালি শোণিতপুৰ জিলাৰ মিছামাৰীতো অসম গাঁওৰক্ষী বাহিনীৰ ৬৯তম প্ৰতিষ্ঠা দিৱসটি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হয়৷মিছামাৰী আৰক্ষী থানা ও গাঁওৰক্ষী বাহিনীৰ উদ্যোগত  আৰু পাতিদৈ ভেৰেলা,১নং ধানমৰা ,ঢেকিপেলোৱা বঙালি গাঁওৰক্ষী বাহিনীৰ সহযোগত মিছামাৰীৰ হাৰিমু আফাদ ভবন প্ৰাংগনত অনুষ্ঠিত হয় গাঁওৰক্ষী বাহিনীৰ ৬৯তম প্ৰতিষ্ঠা দিৱস৷পুৱাৰ ভাগত পতাকা উত্তোলন কৰে মিছামাৰী আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি আলী হুছেইনে৷ ইয়াৰ পিছতেই স্মৃতি তৰ্পন কাৰ্যসূচী শুভাৰম্ভ কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যাম কানু তেৰাং,বৃক্ষ ৰোপণ কৰে সমাজকৰ্মী আব্বাছ আলী,স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীৰ দ্বাৰা চাফাই কাৰ্যসূচীটি মুকলি কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নীলকান্ত কলিতাই৷আনহাতে দিনৰ ১১বজাৰ পৰা পৰা অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্ধোধক হিচাপে শিক্ষাবিদ কনক চন্দ্ৰ বৰদলৈয়ে উপস্থিত থাকি গাঁৱৰক্ষী বাহিনী এখন গাঁও বা অঞ্চলৰ শান্তি শৃংখলা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি আহিছে বুলি উল্লেখ কৰি আৰক্ষী আৰু গাঁওবাসীৰ মাজত সু-সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰতো গাঁওৰক্ষীয়ে নিজৰ ভূমিকা পালন কৰি আহিছে বুলি উদ্ধোধকৰ ভাষণত উল্লেখ কৰি গাঁওৰক্ষী বাহিনী এটা অঞ্চলৰ শান্তি সম্প্ৰীতি ৰক্ষাৰ বাহক বুলি কয় তেঁও৷উল্লেখ্য যে উদযাপন সমিতিৰ সভাপতি তথা সমাজকৰ্মী চুতলান হুছেইনৰ পৌৰহিত্যত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে  তেজপুৰ জিলা হাইস্কুল শিক্ষক সংস্থাৰ সম্পাদক তৰুন চন্দ্ৰ নাথে গাঁওৰক্ষী বাহিনীৰ অৱদান আৰু প্ৰয়োজনীয়তাৰ সম্পৰ্কে তত্বগধুৰ ভাষণ আগবঢ়ায়৷ইপিনে গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গাঁওৰক্ষী বাহিনী মিছামাৰী থানা সমিতিয়ে অঞ্চলটোৰ জ্যেষ্ঠ আৰু সমাজত বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বহু কেইজন লোকক বিশেষ ভাবে সম্বৰ্ধনা জনোৱাৰ লগতে গাঁওৰক্ষী বাহিনীৰ সভাপতি আৰু সম্পাদক সকলকো বিশেষ ভাবে সম্বৰ্ধনা জনায়৷উদযাপন সমিতিৰ সম্পাদক ৰাজীৱ বসুমতাৰী আৰু সমাজকৰ্মী  বড়োৱে আঁত ধৰা উক্ত সভাত সমাজকৰ্মী লিলা নেৱাৰ,দীপাংকৰ চৌধুৰি,বাতাচ ওৰাং,নুৰজামাল আহমেদ,চম্পা ব্ৰহ্ম,আব্বাছ আলী,জ্যেষ্ঠ নাগৰিকৰ উপদেষ্টা ৰবীন চন্দ্ৰ দে,গোৰ্খা ছাত্ৰ সন্থাৰ নাৰায়ণ বিশ্ব কৰ্মা,এবছুৰ দুমন বড়ো,আছাৰ প্ৰকাশ কুৰ্মী,বাঙালি ফেডাৰেচনৰ ৰাজকুমাৰ সাহা আদিয়ে উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here