Home মুখ্য পৃষ্ঠা বদলাত ওৰেটো নিশা জ্বলিল বিদ্যুতৰ তাঁৰ : আতংকিত গাঁওবাসী: বিভাগৰ গুৰুত্ব...

বদলাত ওৰেটো নিশা জ্বলিল বিদ্যুতৰ তাঁৰ : আতংকিত গাঁওবাসী: বিভাগৰ গুৰুত্ব নাই  

249
0

বদলাত ওৰেটো নিশা জ্বলিল বিদ্যুতৰ তাঁৰ :

  • আতংকিত গাঁওবাসী:
  • বিভাগৰ গুৰুত্ব নাই  

দৈনন্দিন বাৰ্তা LIVE@নগৰবেৰা, ( মিজানুৰ ৰহমান)৩০ জানুৱাৰী : কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত  নগৰবেৰাৰ সমীপৰ  বদলাত যোৱা   নিশা হঠাৎ জ্বলি উঠিল ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ। গাঁওবাসীয়ে আতংকিত হৈ  বকো বিদ্যুৎ উপ সংমণ্ডলত খৱৰ দিয়াৰ পিছতো ন্যূনতম ব্যৱস্থা নোলোৱাৰ ৰাজহুৱা  অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে, বকো বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত  নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী  বদলাত ভয়ংকৰ ঘটনা। সোমবাৰে নিশা বদলাত জ্বলি উঠিল ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ। নিশাৰ এই ঘটনাই অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি  কৰে। ঘটনা সন্দৰ্ভত স্থানীয় লোকে বকো বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত অৱগত কৰায় যদিও বিভাগীয় বিষয়া কৰ্মচাৰী সকলে ন্যূনতম গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে। স্থানীয় ৰাইজে জনোৱা  মতে ওৰেটো নিশা এনেদৰে বিদ্যুতৰ  তাঁৰ জ্বলি থাকে। উল্লেখ্য যে বকো বিদ্যুৎ সংমণ্ডল বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ চূড়ান্ত গাফিলতি,  অমনোযোগিতা, হেমাহিৰ বাবেই   এসপ্তাহ পূৰ্বে বকোৰ সোণতলীত গড়কাপ্তানী পথৰ ওপৰত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰ ছিঙি পৰাত কথমপি প্ৰান ৰক্ষা পৰিছিল কেইগৰাকীমান পথচাৰীৰ। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই নগৰবেৰাৰ বিভিন্ন অঞ্চলত এটাৰ পিছত এটাকৈ অঘটন সংঘটিত হোৱাৰ পিছতো গা লৰা নাই বিভাগটোৰ। প্ৰতি মাহে গ্ৰাহকৰ পৰা বিল আদায় কৰি অহা বিভাগটোৱে ৰাইজৰ এনে সমস্যাৰ প্ৰতি গুৰুত্বাৰোপ নকৰাত ক্ষোভ ব্যক্ত কৰিছে একাংশ লোকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here