Home মুখ্য পৃষ্ঠা উত্তৰ পূৰ্বাঞ্চলৰ পুৰণি স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনৰ প্ৰতিষ্ঠা দিৱস 

উত্তৰ পূৰ্বাঞ্চলৰ পুৰণি স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনৰ প্ৰতিষ্ঠা দিৱস 

109
0

উত্তৰ পূৰ্বাঞ্চলৰ পুৰণি স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনৰ প্ৰতিষ্ঠা দিৱস 

  • সংঘবদ্ধ প্ৰচেষ্টাৰ বাবেই মিশ্যনে এক আগশাৰীৰ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে – প্ৰফুল্ল কুমাৰ মহন্ত

দৈনন্দিন বাৰ্তা LIVE@ নগাঁও, ৩০ জানুৱাৰী: উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃক্ষ আৰু পুৰণি স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনে চলিত বৰ্ষত ৬৯ বছৰত ভৰি দিলে। তদুপলক্ষে আজি মিশ্যনৰ নগাঁও চহৰৰ পানীগাঁও চাৰিআলিস্থ মূখ্য কাৰ্যালয়ত উলহ-মালহেৰে ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। লোক সেৱক হলধৰ ভূঞা, ডা: ললিত কুমাৰ বৰুৱা, মতিৰাম বৰা আদি বহুকেইজন বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত ১৯৫০ চনত শ্ৰীমন্ত শংকৰদেৱ মিশ্যন গঠিত হয়। মানৱ সেৱাৰ লক্ষ্যৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে পাহাৰ ভৈয়ামৰ সকলো লোকৰ মাজত সদভাৱ আৰু সম্প্ৰীতি গঢ়াৰ হকে মিশ্যনে সেৱা আগবঢ়াই আহিছে। অন্ধ- শিশু ছাত্ৰ- ছাত্ৰীক শিক্ষা প্ৰদানৰ বাবে মিশ্যনৰ বঢ়মপুৰত আছে এখন অন্ধ বিদ্যালয়। মানৱ সেৱাৰ লক্ষ্যৰে বিভিন্ন জনকল্যাণমূলক আচঁনি ৰূপায়ন কৰি আহিছে মিশ্যনে ।  আজি মিশ্যনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত হয়। মিশ্যনৰ সভাপতি ডাঃ ধীৰেন বৰকাকতিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰি দিয়া ভাষণত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই বিহত দিন সমূহত মিশ্যনে মানৱ সেৱাৰ বাবে কৰি অহা কামৰ শলাগ লৈ কয় যে – মিশ্যনে গুৰুজনাৰ আদৰ্শৰে সমাজত সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। নিৰ্দিষ্ট বক্তাৰ ভাষনত বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে শ্ৰীমন্ত শংকৰ মিশ্যনৰ  জন্মলগ্নৰ লগত জৰিত বিশিষ্ট ব্যক্তি সকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে সমাজ সেৱাৰ জৰিয়তে মিশ্যনে কৰি অহা কামৰ শলাগ লয়। ভাষন প্ৰসঙ্গত বৰকটকীয়ে মহৎ উদ্দেশ্য আগত ৰাখি কামত অগ্ৰসৰ হলে – স্বেচ্ছাসেৱী অনুষ্ঠানে সফলতা লাভ কৰিব পাৰে বুলি মন্তব্য কৰি কয়- শ্ৰীমন্ত শংকৰ মিশ্যন ইয়াৰ অন্যতম নিদৰ্শন। লোক সেৱক হলধৰ ভূঞাই সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য সেৱাৰ কথা উল্লেখ কৰি বৰকটকীয়ে কয় – মন্ত্ৰীত্বৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি এক বিৰল দৃষ্টান্ত দাঙি ধৰিছিল। তেওঁ কয় – ৰাজনীতি কৰা সকলৰ এক উচ্চ আকাংক্ষা থাকে কিন্ত হলধৰ ভূঞাই জনসাধাৰণৰ লগতে সমাজৰ কল্যাণৰ হকেহে কাম কৰি গৈছিল। সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় – একো একোজন ব্যক্তিৰ প্ৰচেষ্টাত গঢ়ি উঠা অনুষ্ঠানে সমাজৰ সূৰ্যৰ কিৰণ বিলাব পাৰে। সমূহীয়া প্ৰচেষ্টাতে আগবাঢ়ি আহিলে নদীৰ গতি সলনি কৰিব পৰা যায়। শ্ৰীমন্ত শংকৰ মিছনৰ কথা উল্লেখ কৰি মহন্তই কয় – মিশ্যনৰ সংঘবদ্ধ প্ৰচেষ্টাৰ বাবেই আজি মিশ্যনে এক আগশাৰীৰ অনুষ্ঠানলৈ ৰুপান্তৰিত হৈছে। এই প্ৰচেষ্টাক আমি অধিক গতিশীল কৰি তুলিব লাগিব। মিশ্যনৰ সম্পাদক বল্লদেব শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাতেই গুৱাহাটীৰ বিশিষ্ট নাগৰিক যোগদানন্দ ভূঞাই মিশ্যনৰ দ্বাৰা পৰিচালিত বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ বৃত্তিৰ বাবে তেওঁৰ পিতৃ- মাতৃৰ সোৱৰণত এক লাখ টকাৰ সাহাৰ্য্য প্ৰদান কৰে। সভাতেই মিশ্যনৰ প্ৰবীণ সদস্য তথা সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা তিনিজন বিশিষ্ট ব্যক্তি ক্ৰমে ডাঃ জীতেন গোহাঁই, মহেশ্বৰ শৰ্মা বৰঠাকুৰ, প্ৰেমানন্ধ শৰ্মাক সন্বৰ্দ্ধনা জনোৱা হয়। সভাত লোকসেৱক হলধৰ ভূঞাৰ পুত্ৰ মুকুট ভূঞাক আদৰণি জনোৱা হয়। সভাত অন্ধ শিশু ছাত্ৰ ছাত্ৰীকে ধৰি কেইগৰাকী শিল্পীয়ে গীত মাত পৰিৱেশ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here