Home মুখ্য পৃষ্ঠা চাঞ্চল্য :   নগাঁৱত ধন দাবী কৰি আৰক্ষীৰ জালত তিনি ব্লেকমেইলাৰ

চাঞ্চল্য :   নগাঁৱত ধন দাবী কৰি আৰক্ষীৰ জালত তিনি ব্লেকমেইলাৰ

77
0

 চাঞ্চল্য :   নগাঁৱত ধন দাবী কৰি আৰক্ষীৰ জালত তিনি ব্লেকমেইলাৰ

দৈনন্দিন বাৰ্তা LIVE@ নগাঁও, ৩০ জানুৱাৰী : নগাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক ব্লেকমেংলিঙেৰে ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল পত্নীসহ তিনি দুৰ্বৃত্ত‌। জানিব পৰা মতে, এসপ্তাহ পুৰ্বে নগাঁৱৰ মিলনপুৰ প্ৰবীণ শ‌ইকীয়া নামৰ লোকজন নগাঁও চহৰৰ পৰা স্কুটীৰে ঘৰলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা চুকু মণ্ডল নামৰ ব্লেকমিলাৰ জন স্কুটীখনত উঠে। গাড়ীত উঠিয়েই তেওঁ শ‌ইকীয়াৰ গাত চুৰিৰে আঘাত কৰাৰ ভয় দেখুৱাই ফুলগুৰিৰ দিশে লৈ যায় আৰু ৫০ হাজাৰ টকাৰ দাবী কৰে। উপায়ান্তৰ অৱসৰপ্ৰাপ্ত শিক্ষক জনে এই ধন পৰৱৰ্তী সময়ত দিয়াৰ কথা কোৱাতহে তেওঁক দুৰ্বৃত্ত‌টোৱে মোকলাই দিয়ে। ইতিমধ্যে শিক্ষক জনে ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষীক অৱগত কৰে। আজি সেই ধন নিবলৈ আহোতে নগাঁও  আৰক্ষীয়ে অতি কৌশলেৰে চুকু মণ্ডলসহ তেওঁৰ পত্নী কবিতা মণ্ডল আৰু এজন নাবালক ভাতৃক আটক কৰে। এইদৰে পুৰ্বৰে পৰা পৰিকল্পিত ভাবে ধন দাবীৰ ব্লু’প্ৰিণ্ট ৰচনা কৰা অপৰাধী চক্ৰটো আটক কৰাৰ পিছত ঘটনাটোক লৈ নগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here