Home মুখ্য পৃষ্ঠা গেলেকী খেতি পথাৰত ভূ মাফিয়াৰ দপদপনি : মহকুমা ৰাজহ চক্ৰ বিষয়াৰ...

গেলেকী খেতি পথাৰত ভূ মাফিয়াৰ দপদপনি : মহকুমা ৰাজহ চক্ৰ বিষয়াৰ অভিযান

81
0

গেলেকী খেতি পথাৰত ভূ মাফিয়াৰ দপদপনি :

  • মহকুমা ৰাজহ চক্ৰ বিষয়াৰ অভিযান

দৈনন্দিন বাৰ্তা LIVE@ফাৰহাণ্ লস্কৰৰ ৰিপৰ্ট , প্ৰতিনিধি, গেলেকী, ৩০জানুৱাৰী: গেলেকী খণ্ড বন বিষয়া চৈয়ফুদ্দিন আহমেদ আৰু গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত বৰাৰ চৰকাৰী দায়িত্বৰ প্ৰতি থকা অনিশ্চিয়তা তথা সোপাঢ়িলা নীতিৰ বাবেই সীমান্তৱৰ্তী গেলেকীত কৃষকৰ খেতি পথাৰত সীমাহীন হাৰত ভূ মাফিয়াই পথাৰৰ মাটি খননেৰে দপদপনি অব্যাহত ৰাখিছে | বিশেষকৈ বামগাওঁ আৰু বগিচাপৰি অঞ্চলৰ ভিতৰুৱা কৃষক ৰাইজৰ খেতি পথাৰৰ এলেকা সমূহত দৈনিক মাফিয়া চক্ৰটোৱে জে চি বি সহযোগেৰে ডাম্পাৰত মাটি কঢ়িয়াই স্থানীয় ইটা ভাটা সমূহত মাটি যোগান ধৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে | যাক লৈ টাই আহোম যুৱ পৰিষদ, অসম (টাইপা) নাজিৰা মহকুমা সমিতিৰ যুটীয়া সম্পাদক প্ৰাঞ্জল বৰুৱাই ঘটনাৰ সবিশেষ নাজিৰা মহকুমা আৰক্ষী বিষয়া আনন্দ টকবীৰ আৰু গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত বৰাক অৱগত কৰি আহিছে | যদিও সমূহ বিষয়বস্তুৰ পৰা আৰক্ষী প্ৰশাসনে দীৰ্ঘ সময় ধৰি মৌনতা অৱলম্বন কৰি যোৱাৰ অভিযুগ (টাইপা)ৰ | উল্লেখ্য যে আৰক্ষী প্ৰশাসনৰ ৰহস্যজনক স্থিতিৰ মাজত আজি নাজিৰা মহকুমা ৰাজহ চক্ৰ বিষয়া অভিশিখা বৰুৱা সহ গেলেকী খণ্ড বন বিষয়া চৈয়ফুদ্দিন আহমেদ ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে মাফিয়া চক্ৰটোৰ লগতে এখন জে চি বি আৰু দুখন ডাম্পাৰ খেতি পথাৰৰ মাটি খনন স্থলীৰ পৰা পলায়ন কৰে | আনহাতে বন বিষয়া গৰাকীৰ দাবী সীমান্তৱৰ্তী গেলেকীত ৰবিন বৰুৱা আৰু তপন বৰুৱা নামৰ দুজন লোকৰ নিৰ্দীষ্ট ঠাইৰ ভিতৰত মাটি খননৰ চৰকাৰী অগ্ৰাধীকাৰ থকা বুলি দাবী কৰে | ইফালে গেলেকী খণ্ড বন বিষয়াই ঘটনাৰ সবিশেষ তদন্ত অব্যাহত ৰাখিছে |

LEAVE A REPLY

Please enter your comment!
Please enter your name here