Home মুখ্য পৃষ্ঠা পলাশবাৰীত ৰাইজে নিৰ্মান কৰিলে পথ

পলাশবাৰীত ৰাইজে নিৰ্মান কৰিলে পথ

177
0

পলাশবাৰীত ৰাইজে নিৰ্মান কৰিলে পথ


দৈনন্দিন বাৰ্তা Live@ধনঞ্জয় কুমাৰ বৰ্মন,  আজাৰা, ৩১ জানুৱাৰী : বঙৰাৰ পিছত এইবাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ১০৮ নং মালিয়াতা গাওঁ পঞ্চায়তৰ তাৰাপতি ১ নং মুছলিম পাৰা গাওঁৰ ৰাইজে একত্ৰিতহৈ নিৰ্মাণ কৰিলে এটি জৰাজীৰ্ন পথ ।উল্লেখ্য যে মুছলিম পাৰা বৃহত্তৰ অঞ্চলটোৰ কৱৰস্থানলৈ যোৱা একমাত্ৰ যাতায়তৰ ভৰষা এই পথছোৱা । দুৰ্গম , জৰাজীৰ্ণ, বাৰিষা  আদিৰ বাবেই এই পথছোৱা হৈ পৰে জমৰ-যাতনা । আৰু এই জৰাজীৰ্ণ , দুৰ্গম পথছোৱাৰ মেৰামতি তথা পকী কৰনৰ বাবে বহুবাৰ এই সকল লোকে স্থানীয় বিধায়ক প্ৰনৱ কলিতাক আৱেদন-নিবেদন জনাইছিল যদিও আজিলৈ একো এটা সুফল নাপালে ৰাইজে । আনকি স্থানীয় পঞ্চায়ত সভানেত্ৰী মীনা দাসকো বহুবাৰ এই বিষয়ে অৱগত কৰিছিল যদিও  একো এটা কৰিবলৈ সক্ষম নহল । সেয়ে ৰাইজে উপায়ন্তৰ হৈ নিজেই এনেদৰে ওলাই আহি পথটোৰ মেৰামতি কামত লাগিলে বুধবাৰে ৰাতিপুৱাই । কন কন সৰু লৰা-ছোৱালীৰ পৰা বয়োজ্যেষ্ঠ লৈ সকলো এনেদৰে হাতে হাতে কোদাল -কোৰ লৈ ওলাই আহি ক্ষোভ উজাৰিলে বিধায়কৰ বিৰুদ্ধে । স্মৰ্তব্য যে কেইদিনমান পূৰ্বে বঙৰাৰ এটি পথ ৰাইজে নিৰ্মান কৰি নিৰ্দশন দাঙি ধৰাৰ পিছতে আজি মুছলিম পাৰাৰ ৰাইজেও চৰকাৰী আচঁনিৰ আশা নকৰি নিজেই হাতে হাতে কোৰ-কোদাললৈ ৰাস্তা নিৰ্মানৰ কামত ব্যস্তহৈ পৰা পৰিলক্ষিত হল ।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here