Home মুখ্য পৃষ্ঠা দিখৌমুখত পথ নিৰ্মাণত ব্যাপক অনিয়ম: অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ...

দিখৌমুখত পথ নিৰ্মাণত ব্যাপক অনিয়ম: অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে গড়কাপ্তানী বিভাগে:

291
0

দিখৌমুখত পথ নিৰ্মাণত ব্যাপক অনিয়ম:

অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে গড়কাপ্তানী বিভাগে:

দৈনন্দিন বাৰ্তা Live@ মুকুল গগৈ , শিৱসাগৰ 31 জানুৱাৰী: শূণ্য সহনশীল নীতিৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন অগপ-বিজেপি আৰু বিপিএফ মিত্ৰজোঁটৰ চৰকাৰখনে অপৰাধীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হাতত লোৱাৰ পৰিৱৰ্ত্তে ৰক্ষণাবেক্ষণ দিয়া কাৰ্যক সহজভাৱে লব পৰা নাই জনসাধাৰণে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসমত কোনো কাৰণতে দুৰ্নীতিক গা’ কৰি উঠিবলৈ দিয়া নহব অথবা যিকোনো বিভাগৰে বিষয়া কৰ্মচাৰী দুৰ্নীতিত লিপ্ত হলে তেনে কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হৈ পৰিব বুলি ভাষণ প্ৰদান কৰি আহিছে। ঠিক সেইমতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কঠোৰ স্থিতিৰ ফলত আজিও বহু বিষয়া কৰ্মচাৰী কাৰাগাৰৰ চাৰিবেৰৰ মাজত কটাবলগীয়া হৈছে। সাৰি যাব পৰা নাই মহৎ তালুকদাৰ, ৰাকেশ পালৰ দৰে দুৰ্নীতিকাৰী আৰু গড়ঁ হত্যাকাৰী। এইবাৰ সংঘটিত হৈছে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত দিখৌমুখ বৰ আলিৰ পৰা ধনেখোৱা খঁৰাধৰা গাঁও সংযোগী এক কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম। উত্থাপিত হৈছে গড়কাপ্তানী বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। প্ৰায় 55 লাখ টকা ব্যয়েৰে পকীকৰণ কৰা গুৰুত্বপূৰ্ণ পথচোৱাৰ নিৰ্মাণ দুটা মাহ পূৰ্বে জোৰা টাপলি মাৰি সম্পূৰ্ণ কৰাৰ পিছত পথৰ ব্লক টপিঙৰ অংশ ঠায়ে ঠায়ে এৰাবলৈ আৰম্ভ কৰিছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে আমগুৰি সমষ্টিৰ প্ৰাক্তন তথা প্ৰয়াত বিধায়ক অঞ্জন দত্তৰ প্ৰচেষ্টাত উক্ত পথচোৱা পকীকৰণৰ বাবে 55 লাখ টকা ধাৰ্য্য কৰিছিল গড়কাপ্তানী বিভাগে। কিন্তু বিভাগীয় ঠিকাদাৰে বহু পলমকৈ আৰম্ভ কৰা পথ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো বিভাগীয় কাৰ্যবাহী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু কণিষ্ঠ অভিযন্তাই কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। প্ৰাপ্ত অভিযোগ অনুসৰি এক কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰায় 500 মিটাৰ অংশ পকীকৰণ কৰা সময়তেই গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰিছিল বিভাগীয় ঠিকাদাৰ মুজিকাৰ বিৰুদ্ধে। কিন্তু গড়কাপ্তানী বিভাগত উঠি ৰজা বহি ৰজা মুজিকাৰ বিৰুদ্ধে পথ নিৰ্মাণত অনিময়ৰ অভিযোগ পোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। গড়কাপ্তানী বিভাগৰ আমগুৰি উপ-সংমণ্ডল বিষয়া গৰাকীয়ে দায়িত্বপ্ৰাপ্ত কণিষ্ঠ অভিযন্তাক লগত লৈ পথচোৱা পৰিদৰ্শন কৰি অনিময়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ পিছতো ব্লেক টপিং আৰু চাইডবাম নিৰ্মাণৰ নামত আভুৱা ভাৰিছে জনৈক ঠিকাদাৰে। স্থানীয় ৰাইজে বিগত বৰ্ষৰ পোন্ধৰ ডিচেম্বৰত জিলা উপায়ুক্তক এই সন্দৰ্ভত অভিযোগ প্ৰদান কৰে। জিলা উপায়ুক্তৰ হৈ উন্নয়ন আয়ুক্ত অভিজিৎ বৰুৱাই, গড়কাপ্তানী বিভাগে ডুলীয়া ধনেখোৱা আৰু খঁৰাধৰা গাঁৱৰ ৰাইজৰ আৱেদনক অলপো গুৰুত্ব প্ৰদান নকৰিলে। এই কথাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইফালে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাইও ৰাইজৰ অভিযোগক অলপো গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপিত হৈছে। স্মৰ্তব্য, দিখৌমুখ এক কিলোমিটাৰ অংশত পেডাৰ্চ ব্লক পদ্ধতিৰে পুনৰ নিৰ্মাণৰ বেলিকাও বিসংগতিৰ অভিযোগ উত্থাপিত হৈছিল। স্থানীয় ৰাইজে গড়কাপ্তানী বিভাগৰ বিষয়া-অভিযন্তাক ঘেৰাও কৰাৰ লগতে কাম বন্ধ কৰি দিছিল। এইছোৱা পথৰ ক্ষেত্ৰতো জিলা প্ৰশাসন, গড়কাপ্তানী বিভাগে ৰাইজৰ অভিযোগলৈ পিঠি দিয়া অভিযোগ উত্থাপিত হৈছিল। আনহে নালাগে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই দিখৌমুখ বৰ আলিৰ নিৰ্মাণত সংঘটিত এই অনিময়ক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে ঠিকাদাৰ গৰাকীকহে ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here