Home মুখ্য পৃষ্ঠা জয়সাগৰ আৰক্ষীৰ আকৰ্মণ্যতা-এতিয়াও সন্ধান নাই অপহৃতা যুৱতীৰ-গাঁওৰ লোকে ঘেৰাও কৰিলে থানা

জয়সাগৰ আৰক্ষীৰ আকৰ্মণ্যতা-এতিয়াও সন্ধান নাই অপহৃতা যুৱতীৰ-গাঁওৰ লোকে ঘেৰাও কৰিলে থানা

261
0

জয়সাগৰ আৰক্ষীৰ আকৰ্মণ্যতা-এতিয়াও সন্ধান নাই অপহৃতা যুৱতীৰ-গাঁওৰ লোকে ঘেৰাও কৰিলে থানা*


যোৱা ৫ জানুৱাৰী তাৰিখত শিৱসাগৰ নগৰৰ হাতীখোক অঞ্চলৰ পৰা আচফিকা বেগম নামৰ এগৰাকী যুৱতী অপহৃতা হৈছিল।ঘৰৰ পৰা বিয়া বন্দৱস্ত হৈ থকা যুৱতী গৰাকীৰ অপহৰণ সম্পৰ্কে পৰিয়ালৰ লোকে জয়সাগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও আজিলৈকে অপহৰণকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম নহল জয়সাগৰ আৰক্ষী।পৰিয়ালৰ লোকে অপহৰণকাৰী আবুল আলি নামৰ যুৱক বুলি সন্দেহ কৰি সমস্ত তথ্য আৰক্ষীক প্ৰদান কৰিছিল যদিও ৰহস্যময় কাৰণত আজিলৈকে অপৰাধীক কৰায়ত্ব কৰিবলৈ আৰক্ষী সক্ষম নোহোৱাৰ ওপৰিও অপহৃতাৰ সন্ধান উলিয়াবলৈ সক্ষম নহল আৰক্ষী।যাৰ বাবে হাতীখোকৰ ৰাইজে আজি জয়সাগৰ আৰক্ষী চকী ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
আৰক্ষীয়ে ঘটনা সম্পৰ্কে ১৪/১৮ নং এক গোচৰ ৰজু কৰিছিল যদিও মূল অপৰাধী আবুল আলিৰ পৰিয়ালৰ লোকে আৰক্ষীক মেনেজ কৰাৰ বাবে আৰক্ষীয়ে ঘটনাৰ তদন্তত গাফিলতি কৰাৰ অভিযোগ তুলিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here