Home মুখ্য পৃষ্ঠা জ্ঞান বিকাশ একাডেমী,চতিয়াত চুৰি কাণ্ড

জ্ঞান বিকাশ একাডেমী,চতিয়াত চুৰি কাণ্ড

134
0

জ্ঞান বিকাশ একাডেমী,চতিয়াত চুৰি কাণ্ড

  • তলা ভাঙি চোৰে চুৰ কৰি নিলে দহটাকৈ কম্পিউটাৰ

  • ঘটনাৰ বুজ ললে বিধায়ক পদ্ম আৰু ডি এচ পি দেৱজিৎ নাথে 

দৈনন্দিন বাৰ্তা LIVE @ চতিয়া,৩১ জানুৱাৰী:- বিশ্বনাথ জিলাৰ চতিয়া থানা অন্তৰ্গত চতিয়াৰ জ্ঞান বিকাশ একাডেমীত  আজি পুৱতি নিশা চোৰে বিদ্যালয় খনৰ দহটাকৈ কম্পিউটাৰ চুৰি কৰি নিয়ে৷ প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱতি নিশা চোৰে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাদানৰ বাবে থকা কম্পিউটাৰ ৰূমৰ দৰ্জাৰ তলা ভাঙি আনকি ৰূমটোত থকা গিৰিল খুলি ৯ টা কম্পিউটাৰ, প্ৰধান শিক্ষকৰ কোঠাত থকা ডি ডি অ’ কম্পিউটাৰ, এটা প্ৰিন্টাৰ আৰু ইনভাৰেটৰ এটা  চুৰি কৰি নিয়ে ৷ অনকি চোৰে  শিক্ষকৰ জিৰণি কোঠা, অফিচৰূম, ষ্ট’ৰ ৰূমৰ তলা ভাঙি চলাথ কৰে৷ পুৱা বিদ্যালয় খনৰ চকিদাৰ জনে লাইটৰ চুইচ বন্ধ কৰিবলৈ আহি এই ঘটনা প্ৰত্যক্ষ কৰি বিদ্যালয় প্ৰধান আৰু সহকাৰী শিক্ষক শিক্ষয়িত্ৰী সকলক অৱগত কৰাত সকলো বিদ্যালয়ত উপস্হিতহৈ চতিয়া আৰক্ষীক খৱৰ দিয়ে৷ চতিয়া আৰক্ষীয়েও খৱৰ পোৱাৰ লগে লগে বিদ্যালয়ত উপস্হিত হৈ ঘটনাৰ বুজ লয়৷ অনকি চতিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ বৰুৱাৰ তৎপৰতাত স্নিস্ফাৰ ড’গৰ সৈতে অনুসন্ধান চলোৱা হয় যদিও কোনো সুংসূত্ৰ উলিয়াব পৰা নহয়৷ এই চুৰি ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে চতিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ তাৰ ভিত্তিতে চতিয়া আৰক্ষীয়ে এই বিষয়ত অনুসন্ধান অব্যাহত ৰাখিছে৷ অনহাতে বিদ্যালয়খনিত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা উপস্হিতহৈ ঘটনাৰ বুজ লোৱাৰ লগতে বিশ্বনাথৰ ডি এচ পি দেৱজিৎ নাথ উপস্হিত হৈ এই ঘটনাৰ লগত জড়িত ব্যক্তিক শীঘ্ৰে কৰায়ক্ত কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰা৷ আজি চুৰি হোৱা সম্পত্তিৰ মূল্য অনুমানিক ৩ লাখ টকা মান হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here