Home মুখ্য পৃষ্ঠা নগাঁৱত মে-ডাম-মে-ফি উদযাপন

নগাঁৱত মে-ডাম-মে-ফি উদযাপন

302
0
file photo

নগাঁৱত মে-ডাম-মে-ফি উদযাপন

দৈনন্দিন বাৰ্তা LIVE @নগাঁও, ৩১ জানুৱাৰী: আহোম সকলৰ প্ৰধান উৎসৱ মে-ডাম-মে-ফি আজি নগাঁও চহৰত উদযাপন কৰা হয়। নগাঁও টাই আহোম সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু নগাঁও জিলা টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত আজি চহৰ খনৰ ওমফা  ভৱনত দিনযোৰা কাৰ্যসূচীৰে এই উৎসৱ পালন কৰা হয়। এই উপলক্ষ্যে পুৱাৰ ভাগত পতাকা উত্তোলন কৰে চাও যোগেন্দ্ৰনাথ গোহাঁইয়ে। স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰে সমাজ সেবিকা নিৰুপমা গোহাঁইয়ে। দিনৰ ১২ বজাৰ পৰা চাও যোগেন্দ্ৰনাথ গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশ গ্ৰহন কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে মে-ডাম-মে-ফি উৎসৱৰ তাৎপৰ্য ব্যখ্যা কৰাৰ লগতে টাই আহোম সকলক নিজৰ সংস্কৃতি আৰু পৰম্পৰা অক্ষুন্ন ৰাখিবলৈ আহ্বান জনাইছে জনায়। সভাত চাও ৰঞ্জন গোহাঁই, চাও ৰাজেন গোঁহাই, চাও পুস্পেন্দ্ৰ গোহাঁই আৰু টাই আহোম ছাত্ৰ সন্থাৰ ৰিংকু বৰাই অংশ গ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here