Home মুখ্য পৃষ্ঠা সোণতলীত কলেজীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰঃ পৰিকল্পিত হত্যাৰ সন্দেহ পৰিয়ালৰঃ

সোণতলীত কলেজীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰঃ পৰিকল্পিত হত্যাৰ সন্দেহ পৰিয়ালৰঃ

99
0

সোণতলীত কলেজীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰঃ

  • পৰিকল্পিত হত্যাৰ সন্দেহ পৰিয়ালৰঃ

  • হত্যাকাৰী গ্ৰেপ্তাৰৰ দাবীত সোণতলীত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ::

  • আৰক্ষী চকী ঘেৰাও ছাত্ৰ-ছাত্ৰীৰঃ

দৈনন্দিন বাৰ্তাLive@ ৰেজাউল কবিৰ, সোণতলী, ৩১ জানুৱাৰীঃ দক্ষিণ কামৰূপ দিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সোণতলী অঞ্চলত সঘনাই হত্যা, লুণ্ঠন, ধৰ্ষণ আদি অপ্ৰীতিকৰ ঘটনা দিনক দিনে বৃদ্ধি হ’বলৈ ধৰিছে যদিও এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনে নিৰৱ ভুমিকা পালন কৰা বুলি সোণতলী আঞ্চলিক মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ তুলিছে ৷ কালি আবেলি সোণতলী আৰক্ষী চকীৰ এলেকাধীন বগুৰীগুৰী গাঁৱৰ আবুল কালামৰ পুত্ৰ তথা সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ স্নাতক বৰ্ষৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ বাহাৰ আলীক দুৰ্বিত্তৰ দলে পৰিকল্পিত ভাৱে হত্যা কৰি পথাৰত পেলাই থৈ যায় ৷ সোণতলী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও ২৪ ঘণ্টা পাৰ হোৱাৰ পিছতো কোনো এজন হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰাটো এক ৰহস্যৰ বিষয় হৈ পৰিছে ৷ সোণতলী আৰক্ষীৰ অক্ষমতাৰ প্ৰতি লক্ষ্য কৰি আজি সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে মহাবিদ্যালয়ৰ চৌহদৰ পৰা এক প্ৰতিবাদী সমদল উলিওয়াই বাহাৰ আলী হত্যাৰ তদন্ত কৰক, হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, বাহাৰ আলী হত্যাৰ ন্যায় লাগে, দোষীক কৰায়ত্ব কৰক আদি শ্লোগানে দি সোণতলী আৰক্ষী চকী ঘেৰাও কৰে ৷ আৰক্ষী চকী ঘেৰাও কৰাৰ পিছত বাহাৰ আলী হত্যাৰ সঠিক তদন্ত কৰি অপৰাধীক ২৪ ঘণ্টা সময় সীমাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰী সকলে দাবী জনোৱাত আৰক্ষী বিষয়া আব্দুছ ছোবাহানে কয় এই ঘটনাটো হত্যা নে আত্মহত্যা এতিয়ালৈকে নিৰ্ধাৰণ কৰিব পৰা নাই ৷ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে ইয়াৰ তদন্ত আৰম্ভ কৰা হ’ব বুলি দায়সৰা মন্তব্য আগবঢ়ায় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here