Home মুখ্য পৃষ্ঠা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্চ – ভাৰত মিচন আঁচনি ৰূপায়ন কৰিবলৈ চি আৰ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্চ – ভাৰত মিচন আঁচনি ৰূপায়ন কৰিবলৈ চি আৰ পি এফৰ বাধা  সীমান্তবাসীক

101
0

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্চ – ভাৰত মিচন আঁচনি ৰূপায়ন কৰিবলৈ চি আৰ পি এফৰ বাধা  সীমান্তবাসীক

  •  বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদকৰ্মীক অশালীন আচৰন চি আৰ পি এফৰ 
দৈনন্দিন বাৰ্তাLive@ ধনশিৰি , ৩১ জানুৱাৰী : –  অসম – নগালেণ্ডৰ সীমা সমস্যাটো স্হায়ী সমাধান নোহোৱাৰ বাবে সীমান্তবাসী অসমীয়াই দীৰ্ঘদিন ধৰি নিৰপেক্ষ বাহিনী চি আৰ পি এফ আৰু এছ এছ বিৰ পৰা বিভিন্ন ধৰনে হাৰাশাস্তি ভূগিব লগা হৈছে ৷ অসম চৰকাৰে এই ক্ষেত্ৰত আজি পৰ্যন্ত কিন্তু কোনো সুব্যৱস্হা কৰা দেখা পোৱা নাই ৷ সীমান্তত বছৰ বছৰ ধৰি বাস কৰি অহা সীমান্তবাসীৰ পূৰণি গৃহসমূহ জহীখহি  যাব ধৰিছে আৰু বহুলোকৰ পৰিয়ালসমূহ বৃদ্ধি পোৱাৰ ফলত সীমান্তবাসীয়ে তেওঁলোকৰ গৃহসমূহ অন্য ঠাইত নিৰ্মাণ কৰিবলৈ আৰু কোনো কোনো লোকে পঁকীকৰণ কৰিবলৈ চেষ্টা চলাইছে ৷ কিন্তু যোৱা কিছুমাহ ধৰি সীমান্তবাসীক  চি আৰ পি এফ আৰু এছ এছ বিয়ে নিৰ্মাণকাৰ্য্য চলাই থকা আৰু নতুনকৈ নিৰ্মাণ কাৰ্য্য চলাবলৈ লোৱা সীমান্তবাসীক বাধা আৰোপ কৰিছে বুলি সীমান্তবাসীয়ে অভিযোগ কৰিছে  ৷ অতি আচৰিত কথা যে ব্যক্তিগতভাৱে নিৰ্মাণ কাৰ্য্য কৰিবলৈ লোৱা লোকসকলৰ ওপৰিও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধিনত আৱন্তন হোৱা গৃহ আৰু  স্বচ্চ ভাৰত মিচন আঁচনিৰ অধীনৰ শৌচাগাৰ নিৰ্মাণ কাৰ্য্যকো বাধা প্ৰদান কৰিছে বুলি সীমান্তবাসীয়ে অভিযোগ কৰিছে ৷ সীমান্তবাসীয়ে অভিযোগ কৰা মতে যি সকল লোকে কেন্দ্ৰীয় চৰকাৰৰ এই আচনিৰ জৰীয়তে গৃহ আৰু শৌচাগাৰ লাভ কৰিছে সেই লোক সকলে অসম আৰু নগালেণ্ড চৰকাৰৰ পৰা আপত্তিবিহীন প্ৰমান প্ৰত্ৰ লব লাগিব ৷ কিন্তু অতি পৰিতাপৰ বিষয় হল যে অসম চৰকাৰৰ পৰা তেনে প্ৰমান প্ৰত্ৰ প্ৰদান কৰা হয় যদিও নগালেণ্ড চৰকাৰৰ পৰা সহযে প্ৰদান নকৰে ৷ যাৰ ফলত নিৰ্মাণ কাৰ্য্য কৰিব নোৱাৰে ৷ চি আৰ পি এফৰ এক গোপন সুত্ৰৰ পৰা জানিব পৰা গৈছে যে যোৱা নবেম্বৰ মাহত নগালেণ্ড চৰকাৰে যি হ’কাই মহকুমা স্হাপন কৰিছিল আৰু সংবাদ মাধ্যমৰ জৰীয়তে অসম চৰকাৰে সেই মহকুমাটো নগা চৰকাৰক বাধা দিয়াৰ ফলত মহকুমা স্হাপন কৰিব নোৱাৰিলে আৰু সেই অ’কাই মহকুমাটো চি আৰ পি এফ থকাৰ পিচতো কেনেকৈ নগাই মহকুমা স্হাপন কৰিবলৈ সক্ষম হ’ল তাৰ কাৰন বিচাৰি চি আৰ পি এফ ষোল্ল জন বিষয়া লৈ চি আৰ পি এফৰ উদ্ধৰ্তম মহলৰ পৰা কাৰন দৰ্শোৱাৰ জাননী পেৰণ কৰিছে যাৰ ফলত চি আৰ পি এফে সীমান্তবাসীক পোতক তুলিবলৈ সকলো ধৰনৰ নিৰ্মাণকাৰ্য্য বন্ধ কৰিছে  বুলি জানিব পৰা গৈছে ৷ নিৰপেক্ষ বাহিনী সমূহে কি কাৰনত নিৰ্মাণকাৰ্য বন্ধ কৰিছে এই সৰ্ম্পকে যোৱা ৩১ জানুৱাৰীত সীমান্তৰ বি চেক্টৰৰ হালধীবাৰী কেম্পত  ১৫৫ নং পানজান কেম্পৰ  কামাণ্ডিং বিষয়া বি কে সত্যাৰ্থীৰ সৈতে  হীলধীবাৰী , ডিমৰুঘাট , ঘোলাপানী ,দ কলি পথাৰৰ তিনিখন গাৱৰ গাওবুঢা়  সকলক লৈ গাওবুঢ়া পৰ্য্যায়ৰ এখনি সভা অনুষ্ঠিত কৰে  ৷ সেই সভাতে চি আৰ পি এফে  বি চেক্টৰত কোনো ধৰনৰ নিৰ্মাণ কাৰ্য্য কৰিবলৈ দিয়া নহব বুলি গাওঁবুঢ়া সকলক জনায় ৷ চি আৰ পি এফ আৰু গাওঁ সকলৰ সভাখনৰ সৰ্ম্পকে সংবাদ কৰ্মী সকলে জানিবলৈ বিচৰাত চি আৰ পি এফৰ হালধীবাৰী কেম্পৰ এ এছ আই সৰৱজিৎ সিংয়ে সংবাদ কৰ্মী সকলক দূৰব্যৱহাৰ কৰে লগতে উদ্ভট মন্তব্য কৰি গুচি যায় ৷ ইয়াৰ ওপৰিও এচ এচ বিৰ জাহাজী গাঁওৰ কেম্পৰ অধিনত থকা কেম্পৰ বিষয়াই ৰোস্তম আলী নামৰ এজন পি এম আই ওৱাই আঁচনিৰ অধিনত  গৃহ আৱন্টন পোৱা ব্যক্তিক যোৱা ৮ ডিচেম্বৰত  অসম চৰকাৰৰ এ,  বি আৰু চি চেক্টৰৰ সীমান্ত দণ্ডাদীশৰ আদেশ পোৱাৰ পিচতো ৰোস্তম আলী নামৰ ব্যক্তি জনক গৃহ নিৰ্মাণ কৰিবলৈ বাধা প্ৰদান কৰি আহিছে ৷ সীমান্তবাসীয়ে অতি সোনকালে অসম চৰকাৰক তেওঁলোকৰ সমস্যা সমূহ দূৰ কৰিবলৈ দাবী জনাইছে নহলে ইয়াৰ প্ৰত্যুতৰ অহা পঞ্চায়ত নিৰ্বাচনত দিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here