Home মুখ্য পৃষ্ঠা গুৱাহাটী এম ইএছ বিল্ডাৰ্ছ এছচিয়েচনৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট

গুৱাহাটী এম ইএছ বিল্ডাৰ্ছ এছচিয়েচনৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট

349
0

গুৱাহাটী এম ইএছ বিল্ডাৰ্ছ এছচিয়েচনৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট

দৈনন্দিন বাৰ্তা Live@ ধনঞ্জয় কুমাৰ বৰ্মন,আজাৰা, ০১ ফেব্ৰুৱাৰী : এম ইএছ বিল্ডাৰ্ছ এছচিয়েচন অৱ ইণ্ডিয়াই বিভিন্ন দাৱীৰ সমৰ্থনত আজি দেশজোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে । উল্লেখ্যযোগ্য যে দেশৰ আন ৭২ টা শাখাৰ লগতে এছোচিয়েচনৰ গুৱাহাটী শাখায়ো বৰঝাৰস্থিত গ্যেৰিছন ইঞ্জিনিয়াৰৰ কাৰ্যলয় প্ৰাংগনত আজি দিনৰ ১১ বজাৰ পৰা বিয়লি ১ বজালৈ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে । আনহাতে কাৰ্যসূচীত এছ’চিয়েচনৰ মুখ্য কাৰ্যলয়ৰ যুটীয়া সম্পাদক প্ৰশান্ত মহন্ত ,গুৱাহাটী শাখাৰ সম্পাদক আছলাম শ্বেখ ,যুটীয়া সম্পাদক নিৱাৰণ দাস, কোষাধক্ষ্য সিদ্ধাৰ্থ কুমাৰ তালুকদাৰৰ উপৰিও পংকজ চৌধুৰী,অতুল বৰুৱাকে ধৰি কেৱাগৰাকী কৰ্মকৰ্তাই ভাষণ প্ৰসঙ্গত ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে মন্ত্ৰালয়ৰ অধীনৰ স্থল,নৌ আৰু বায়ু সেনাৰ বিভিন্ন ঠিকাৰ কাম কৰি অহা এম ই এছ ঠিকাদাৰ সকলক দীৰ্ঘদিন ধৰি প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰা ধন আদায় নিদিয়াকৈ পুণৰ নতুন নিৱিদা আহ্বান কৰাকে ধৰি বিভিন্ন দিশত কৰি অহা চৰম বঞ্চনাৰ বাবে তীব্ৰ আক্ষেপ প্ৰকাশ কৰে । ইয়াৰোপৰি যোৱা ১১ আৰু ১২ জানুৱাৰীত নতুন দিল্লীত এছ’চিয়েচনৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ “ইঞ্জিনিয়াৰ-ইন-চীফ” গৰাকীয়ে আশ্বাস প্ৰদান কৰাৰ পাছতো বিগত দিনকেইটাত বকেয়া তথা অনাদায়ী ধন আদায়ৰ ক্ষেত্ৰত একো অগ্ৰগতি লাভ নকৰা বুলি কৰ্মকৰ্তা সকলে অভিযোগ তুলিছে । ইপিনে কাৰ্যসূচীৰ অন্তত গ্যেৰিছন ইঞ্জিনিয়াৰৰ জৰিয়তে শ্বিলংস্থিত মুখ্য অভিযন্তালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় । আনহাতে বৰঝাৰৰ উপৰিও এছ’চিয়েচনৰ গুৱাহাটী শাখাই নাৰেংগী আৰু ডিগাৰুতো গ্যেৰিছন ইঞ্জিনিয়াৰৰ কাৰ্যলয়ৰ সন্মুখতো অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰা বুলি জানিৱ পৰা গৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here