Home মুখ্য পৃষ্ঠা পৰ্যাপ্ত শ্ৰেনীকোঠাৰ অভাৱত স্তব্ধ শৈক্ষিক ব্যৱস্থা

পৰ্যাপ্ত শ্ৰেনীকোঠাৰ অভাৱত স্তব্ধ শৈক্ষিক ব্যৱস্থা

81
0

পৰ্যাপ্ত শ্ৰেনীকোঠাৰ অভাৱত স্তব্ধ শৈক্ষিক ব্যৱস্থা

  • চৰকাৰ-কতৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী:

দৈনন্দিন বাৰ্তাৰ Live@ শিমলীতোলা, ১ ফেব্ৰুৱাৰী: ৰাজ্যৰ শিক্ষা ব্যৱস্থা যিটো গতিত আগবাঢ়ি আছে সেয়া আমাৰ বাবে সচাঁকৈয়ে গৌৰৱৰ বিষয়।কিন্তু সম্প্ৰতি অসমৰ প্ৰায়ভাগ চৰকাৰী প্ৰাথমিক বিদ্যালয় সমুহত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে পৰ্যাপ্ত শ্ৰেণীকোঠা আৰু শিক্ষক সকলৰ পৃথক কোঠা নথকা বিষয় লৈ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।ৰাজ্যৰ বিভিন্ন ঠাইৰ বিদ্যালয়ৰ সমুহৰ লগতে গোৱালপাৰা জিলাৰ বিদ্যালয় সমূহতো এই সমস্যাই গা কৰি উঠা পৰিলক্ষিত হৈছে ।চৰকাৰী ভাবে নিৰ্মান কৰা বিদ্যালয় গৃহ সমুহত মাত্ৰ দুটাকৈ শ্ৰেণী কোঠাৰ ব্যৱস্থা আছে আৰু সেই দুটা কোঠাতে পাঁচটাকৈ ক্লাছৰ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰি আহিছে একাংশ শিক্ষকে।একেদৰে গোৱালপাৰা জিলাৰ দুধনৈ শিক্ষা খন্ডৰ অন্তৰ্গত খেৰোঁপাৰা পাটাকাটা প্ৰাথমিক বিদ্যালয়তো সেই একেই সমস্যা।শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত মাত্ৰ দুটা শ্ৰেণীকোঠা।ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰাত বহুত অসুবিধাৰ সন্মুখীন হব লগা হৈছে শিক্ষক-শিক্ষয়িত্ৰী সকলে।আনফালে এই বিষয়ত অভিভাৱক সকলৰো চিন্তাৰ কাৰন হৈ পৰিছে।ইপিনে শিক্ষক সকল থাকিবলৈ পৃথক কোঠাৰ ব্যৱস্থা নথকাত শিক্ষা বিভাগৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে শিক্ষক-শিক্ষয়িত্ৰী সকলে।বিদ্যালয়ত অহাৰ পৰা আৰম্ভ কৰি ক্লাছৰ মাজে মাজে শিক্ষক সকলক বাৰান্দাত নাইবা বাহিৰত বহিব লগা হৈছে।বিভাগীয় কতৃপক্ষৰ এই আসোৱাহ সমুহত  দৃষ্টিগোচৰ নোহোৱাত সচেতন মহলে বু-বু-বা-বা কৰা পৰিলক্ষিত হৈছে ।এই একবিংশ শতিকাতো এনেকৈ উপযুক্ত শ্ৰেণীকোঠা আৰু পৃথক শিক্ষকৰ কোঠালিৰ অবিহনে চলাটো শিক্ষা বিভাগত চৰম ভেঙুচালি বুলি কব পাৰি।পৰবৰ্তী সময়ত বিভাগীয় কতৃপক্ষই এই আসোৱাহ সম্পৰ্কে কি ব্যৱস্থা হাতত লয় সেয়া হব লক্ষণীয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here