Home মুখ্য পৃষ্ঠা পাটসাঁকো মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা গঠন

পাটসাঁকো মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা গঠন

119
0

পাটসাঁকো মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা গঠন

দৈনন্দিন বাৰ্তাLive@বকতাৰ পৰা প্ৰাঞ্জল বৰুৱা‌ৰ এক প্ৰতিবেদন ,বকতা,১ ফ্ৰেব্ৰুৱাৰী :- নৱগঠিত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সীমান্তবৰ্তী অঞ্চলত অৱস্থিত চাৰিটাকৈ বৃহৎ মৌজা বকতা, খালৈঘোগুৰা, শিলাকুটি আৰু মাহমৰা‌ৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান পাটসাঁকো মহাবিদ্যালয়। যোৱা ১ ফ্ৰেব্ৰুৱাৰী তাৰিখে মহাবিদ্যালয়‌খনিৰ ২০১৮-১৯ বৰ্ষৰ ছাত্র একতা সভাখনি গঠন কৰা হয়। নতুনকৈ গঠন হোৱা ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল হল, সৰলা মহন (অধ্যক্ষ), সভাপতি; মুনিল কোঁৱৰ, উপ সভাপতি; ভূপেন ফুকন, সাধাৰণ সম্পাদক; সংগীতা নাথ, সহকাৰী সাধাৰণ সম্পাদক; কল্যাণ মহন, গুৰু ক্ৰীড়া সম্পাদক; দীপশিখা মহন, লঘু ক্ৰীড়া সম্পাদক; পাপৰি সন্দিকৈ, সাহিত্য সম্পাদক; কনকলতা শ‌ইকীয়া,আলোচনী সম্পাদক; ৰঞ্জন কুকুৰাচোৱা আৰু দীপামণি বৰুৱা যুটীয়াকৈ সাংস্কৃতিক সম্পাদক; দুৰ্লভ বৰুৱা, সমাজসেৱা বিভাগৰ সম্পাদক; যদুমনি ফুকন আৰু গিৰিণ ফুকন, তথ্য আৰু যোগাযোগ সম্পাদক। উক্ত দিনাই সকলোকে নিষ্ঠা আৰু সততাৰে মহাবিদ্যালয়ৰ স্বাৰ্থত কাম কৰি যোৱাৰ বাবে শপৎগ্ৰহণ কৰোৱা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ সৰলা মহনে নৱগঠিত ছাত্র একতা সভাখনে মহাবিদ্যালয়‌খনক সকলো দিশতে আগবঢ়াই লৈ যাব বুলি আশা প্ৰকাশ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here