Home মুখ্য পৃষ্ঠা ৰূপহীহাটৰ জুৰীয়া উন্নয়ণ খণ্ডত  লুন্ঠণৰাজৰ প্ৰতিবাদত অামৰন অৰ্ণশন পঞ্চায়ত সভানেত্ৰীৰ পুত্ৰ

ৰূপহীহাটৰ জুৰীয়া উন্নয়ণ খণ্ডত  লুন্ঠণৰাজৰ প্ৰতিবাদত অামৰন অৰ্ণশন পঞ্চায়ত সভানেত্ৰীৰ পুত্ৰ

132
0

ৰূপহীহাটৰ জুৰীয়া উন্নয়ণ খণ্ডত  লুন্ঠণৰাজৰ প্ৰতিবাদত অামৰন অৰ্ণশন পঞ্চায়ত সভানেত্ৰীৰ পুত্ৰ

 
  দৈনন্দিন বাৰ্তা LIVE @জহিৰুল ইছলাম-ৰূপহীহাট-১ ফেব্ৰুৱাৰী: নগাওঁ জিলাৰ জুৰীয়া উন্নয়ন খণ্ডত ব্যাপক লুণ্ঠনৰাজ । বিডিও কে ধৰি কাৰ্যালয়টোৰ একাংশ বিষয়া কৰ্মচাৰী নামি পৰিছে ব্যাপক দুৰ্নীতি অাৰু অনিয়মত । বিশেষকৈ  MGNREGA অাচঁনিৰ প্ৰতিটো কামতে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীয়ে নীতি বহিৰ্ভূত ভাৱে ২০ % কমিচনৰাজ চলাই অাহিছে । এই অভিযোগ অামাৰ নহয় , স্বয়ং  উন্নয়ন খণ্ডটোৰ গদাইমাৰী পঞ্চায়তৰ সভানেত্ৰীৰ পুত্ৰ নাজিৰুল ইছলামৰ । কমিচনৰাজত অতিষ্ঠ হৈ বৃহস্পতি বাৰে পুৱা ১০ বজাৰ পৰা কাৰ্যালয়টোৰ সন্মুখত পালন কৰিছে অামৰণ অৰ্ণশন কাৰ্যসূচী । কমিচনৰাজ বন্ধ কৰাৰ লিখিত প্ৰতিশ্ৰুতি নিদিয়ালৈকে নাজিৰুলে   চলাই যাব অামৰন অৰ্নশন কাৰ্যসুচী । উল্লেখ্য যে , জুৰীয়া উন্নয়ন খণ্ডত বহু দিন ধৰি চলি অাহিছে ব্যাপক দুৰ্নীতি অাৰু অনিয়ম । বহুকেইটা গোচৰ জুৰীয়া থানাত ৰুজু হৈছে যদিও অাজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । এইবাৰ অৱশ্যে সভানেত্ৰীৰ পুত্ৰই মুকলিভাৱে প্ৰতিবাদ কৰিছে উন্নয়ন খণ্ডত সংঘটিত হোৱা দুৰ্ণীতিৰ বিৰুদ্ধে । এতিয়া প্ৰশ্ন হৈছে কমিচনৰাজ বন্ধৰ   লিখিত প্ৰতিশ্ৰুতি দিব পাৰিবনে জুৰীয়া উন্নয়ণ খণ্ডৰ বিষয়া কৰ্মচাৰীয়ে ।
উল্লেখ যে দুৰ্নীতি বিৰুদ্ধে আমৰণ অনশন প্ৰতিৱাদৰ কথা গম পাই দুই এজন কৰ্মচাৰীৰ বাহিৰে বিডিঅ আলতাফ হুছেইন বা আন কোনো কৰ্মচাৰী কাৰ্য্যালয়টোত এতিয়াও উপস্হিত হোৱা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here