Home মুখ্য পৃষ্ঠা মৰাণত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য

মৰাণত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য

84
0

মৰাণত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য

————————————————————

দৈনন্দিন বাৰ্তাLive@ কৰুণা ফুকন,মৰাণ;১ ফেব্ৰুৱাৰী: মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণৰ পানীতোলাত এটা পুৰুষৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য সৃষ্টি কৰিছে । এখন হাবিত এজোপা গছত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰা মৃতদেহটো মৰাণ পানীতোলাৰ নিবাসী অতুল শইকীয়া(৪৫)বুলি চিনাক্ত কৰিছে স্থানীয় ৰাইজ তথা পৰিয়ালৰলোকে।মৰাণ থানাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। লোকজনক যোৱা নিশা পৰা নিৰুদ্দেৰ্শ হৈ আছিল। পৰিয়ালৰ লগত পাৰিৰ্বাৰিক কন্দল লাগি ঘৰৰ পৰা ওলাই যোৱা লোকজনে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।প্ৰয়াত লোকজনে মৃত্যু সময়ত পত্নী, এক পুত্ৰ-বোৱাৰী আৰু দুই নাতিয়েকক  ইহসংসাৰত এৰি থৈ গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here