Home মুখ্য পৃষ্ঠা জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ বাবে চন্দ্ৰতাপ চিলোৱাত ব্যস্ত মহিলা

জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ বাবে চন্দ্ৰতাপ চিলোৱাত ব্যস্ত মহিলা

67
0

জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ বাবে চন্দ্ৰতাপ চিলোৱাত ব্যস্ত মহিলা

দৈনন্দিন বাৰ্তাLive@জোন বৰা ৰিপৰ্ট , জামুগুৰিহাট ,১ ফেব্ৰুৱাৰী : অাৰু মাত্ৰ এটা মাহ ইয়াৰ পাছতেই অনুষ্ঠিত হ’ব জামুগুৰিয়াবাসী ৰাইজৰ স্বভিমান ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা । দিন যিমানেই চমু চাপি অাহিছে সিমানেই যেন ব্যস্ততা বাঢ়িছে জামুগুৰিয়া ৰাইজৰ । পুৰুষ কি মহিলা সকলোৱেই এতিয়া ভাগে ভাগে ব্যস্ত বাৰেচহৰীয়া ভাওনাক লৈ। গুৰু গম্ভীৰ পৰিবেশত হাজাৰ হাজাৰ ভক্ত প্ৰান ৰাইজৰ উপস্থিতিত যোৱা কালি ভাওনা স্থলিত বাৰেচহৰীয়া ভাওনাৰ ধ্বজা স্থাপন কৰাৰ পাছতেই পকামুৱা পথাৰত নিৰ্মান কৰিবলৈ যো যা চলাইছে পদ্ম পুস্প সদৃশ বিশাল বাৰেচহৰীয়া ভাওনাৰ মণ্ডপৰ নিৰ্মানৰ কামৰো । বাঁহ খেৰকে ধৰি সম্পুৰ্ন প্ৰকৃতিক উপাদানৰে নিৰ্মান হব লগীয়া বাৰেচহৰীয়া ভাওনাৰ মণ্ডপ নিৰ্মানত পুৰুষ সকল ব্যস্ত থাকাৰ সমান্তৰাল ভাবে মহিলাসকলেও এই মহোৎসৱৰ বিভিন্ন কৰ্মত নিজকে নিয়োজিত কৰিছে । ইতিমধ্যে বাৰেচহৰীয়া ভাওনাৰ বিশাল মণ্ডপত থাকিব লগা ২১ খন খলাৰ ওপৰৰ ভাগত অাৰিব লগা ২১ খন চন্দ্ৰতাপ চিলোৱাৰ কামত দিনে নিশাই ব্যস্ত হৈ পৰিছে ১৪ গৰাকীকৈ বিভিন্ন জাতি জনগোষ্ঠিৰ মহিলা । জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱৰ সুব্ৰত বৰুৱাৰ বাস গৃহত বাৰেচহৰীয়া ভাওনা মণ্ডপৰ চন্দ্ৰতাপ চিলোৱাত এতিয়া সম্পূৰ্ন ৰূপে ব্যস্ত হৈ অাছে বৃহত্তৰ জামুগুৰিহাট অঞ্চলটোৰ মাইনু শইকীয়া , অাইনু বেগম , পুজা দেবী , ভাৰতী ডেকা , টুন তনিতা , মৌচুমী বৰাৰ লগতে ১৪ গৰাকীকৈ মহিলা । ১১০ ফুট দীঘল অাৰু ২৬ ফুট কৈ বহল অাকাৰৰ বিশাল ২১ খনকৈ চন্দ্ৰতাপ চিলোৱাত নিজকে নিয়োজিত কৰিবলৈ পাই এই সকল মহিলাই নিজকে ত্যাগবান হিচাপে বিবেচিত কৰিছে । চন্দ্ৰতাপ চিলোৱাত দিনে নিশাই ব্যস্ত থকা এই সকল মহিলাই লাখ লাখ ভক্তৰ পদধূলাৰে ৰঞ্জিত হব লগা পকামুৱা পথাৰত নিজে চিলোৱা চন্দ্ৰতাপৰ তলত ভকত বৈষ্ণৱক জুৰাবলৈ দিবলৈ পোৱাটো নিজকে সৌভাগ্যবান হিচাপে বিবেচিত কৰিছে । উল্লেখ্য যে ১ ৰ পৰা ৪ মাৰ্চলৈ চাৰিদিনিয়া বনাঢ্য কাৰ্যসূচীৰে জামুগুৰিহাটৰ পকামুৱা পথাৰত হব লগা বাৰেচহৰীয়া ভাওনাৰ বাবে প্ৰতিজন জামুগুৰিয়াই এতিয়া ককলত টঙালি বান্ধিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here