Home মুখ্য পৃষ্ঠা ধুবুৰীৰ আইৰমাৰী জি এল পি স্কুলৰ প্ৰধান শিক্ষক মোগল হোছেইন মিঞাৰ অৱসৰ...

ধুবুৰীৰ আইৰমাৰী জি এল পি স্কুলৰ প্ৰধান শিক্ষক মোগল হোছেইন মিঞাৰ অৱসৰ গ্ৰহণ

278
0

ধুবুৰীৰ আইৰমাৰী জি এল পি স্কুলৰ প্ৰধান শিক্ষক মোগল হোছেইন মিঞাৰ অৱসৰ গ্ৰহণ 

  • অৱসৰপ্ৰাপ্ত শিক্ষক জনৰ বিদায়ী সম্বৰ্দ্ধনাৰ দিনাই মাতৃৰ বিয়োগ 

দৈনন্দিন বাৰ্তা Live@ছফিকুল ইছলাম@প্ৰতিবেদক,ধৰ্মশালা, ২ জানুৱাৰীঃ  ধুবুুৰীৰ ৭৫৪ নং আইৰমাৰী জি এল পি স্কুলৰ প্ৰধান শিক্ষক মোগল হোছেইন মিঞাই যোৱা ৩১-১২-২০১৭ ইং তাৰিখত অৱসৰ গ্ৰহণ কৰিছে । এই বিষয়ে দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অধীনত থকা বিদ্যালয়খনত যোৱা ৩০ জানুৱাৰী ২০১৮ ইং তাৰিখত বিদায়ী সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয় । উক্ত সভাত অৱসৰপ্ৰাপ্ত শিক্ষক মোগল হোছেইন মিঞাক সম্বৰ্দ্ধনা জনোৱা হয় । শিক্ষক আব্দুছ ছবুৰ প্ৰধানীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ বিষয়াৰ লগতে উক্ত শিক্ষা খণ্ডৰ উপৰিও দেওয়াৰী খোলা শিক্ষক কৰ্মচাৰীৰ শিক্ষক সকলে উপস্থিত থাকে । আনহাতে, উক্ত বিদ্যালয়খনৰ পৰিচালনা সমিতিয়েও উক্ত সময়ত আৰু উক্ত স্থানত সম্বৰ্দ্ধনা জনায় অৱসৰ প্ৰাপ্ত শিক্ষক মোগল হোছেইন মিঞাক । দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ বিষয়া গৰকীয়ে তেঁওৰ ভাষণত কয় যে, মোগল হোছেইন মিঞা চাহাবে তেঁওৰ কাৰ্যকালত যি প্ৰদৰ্শন কৰি দেখুৱাই গল সেয়া সকলো শিক্ষক সমাজৰ বাবে আদৰ্শ হৈ থাকিব লাগে । কিয়নো, তেখেতে বহুত পৰিশ্ৰম কৰাৰ লগতে চৰকাৰী নিয়ম মতে যি ছুটি থাকে সেয়াও লোৱা নাছিলে বুলি মত প্ৰকাশ কৰে । ইয়াৰ উপৰিও তেখেতে কয় যে, প্ৰায় চাৰি শতাধিক ছাত্ৰ ছাত্ৰীক অকলে বহু দিন পঢ়াশুনা কৰাইছিল,সেয়াও আন শিক্ষক সকলৰ বাবে আদৰ্শৰ বিষয় হিচাপে বিবেচিত হৈ থাকিব লাগে । সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষকৰ বন্ধু শিক্ষক হাকিম মাষ্টাৰৰ লগতে দেওয়াৰী খোলাৰ সকলো শিক্ষকে উপস্থিত থাকে । চকুৰ পানীত আৱেগিক হোৱা সভাত এক প্ৰকাৰ শিক্ষকগৰাকীৰ নিষ্ঠা আৰু সততাৰ পৰিচয় দাঙি ধৰিলে বুলি তীব্ৰ আলোচনা কৰা হয় । শিক্ষক জনক বিদায়ৰ সময়ত এখন মানপত্ৰ, ফুলাম গামোচা, টুপি, জাপি, লাঠি, জায়নমাজ, শৰাই, তজবী, হাাদিছ আদিৰে বিপুল বাবে সম্বৰ্দ্ধনা জনায় । উল্লেখ্য যে, অৱসৰ প্ৰাপ্ত শিক্ষকগৰাকী হৈছে “দুৰ্নীতিৰ দৰ্পণ” বাতৰি কাকতৰ প্ৰকাশক আৰু সম্পাদক ছায়েদ আলী খানৰ পিতৃ । আনহাতে, ৩০ জানুৱাৰীত অৱসৰ প্ৰাপ্ত শিক্ষক মোগল হোছেইন মিঞাক চাকৰিৰ পৰা বিদায় সম্বৰ্ধনা দিয়াৰ পিছত ৰাতিৰ ভিতৰত অৰ্থাৎ একেদিনাই নিশা তেখেতৰ মাতৃ ময়ফুল বেওয়াৰ মৃত্যু হয় । মনকৰিবলগীয়া বিষয় হৈছে যে, অৱসৰ প্ৰাপ্ত শিক্ষক মোগল হোছেইন মিঞাৰ সৰুতে পিতৃ হেৰুৱাৰ পিছত তেখেতৰ মাতৃয়ে বহুত কষ্ট কৰি অৱসৰ প্ৰাপ্ত শিক্ষক মোগল হোছেইন মিঞাক উক্ত চাকৰিটো দিবলৈ সক্ষম হৈছিল । যাৰ বাবে ৩০ জানুৱাৰীত অৱসৰ প্ৰাপ্ত শিক্ষক মোগল হোছেইন মিঞাক চাকৰিৰ পৰা বিদায় সম্বৰ্দ্ধনা জনোৱাৰ ৰাতিত তেখেতৰ মাতৃক হেৰুৱা বিষয়ো সকলোৰে মাজত শোকৰ ছাঁ পৰিছে বুলি জানিব পৰা গৈছে । 

LEAVE A REPLY

Please enter your comment!
Please enter your name here