Home মুখ্য পৃষ্ঠা ছাত্ৰ- ছাত্ৰীৰ অনুমাতে পৰ্য্যাপ্ত শিক্ষক নথকাত পাঠদানত ব্যাঘাত জন্মিছে ফৰাজী বস্তী মজলীয়া...

ছাত্ৰ- ছাত্ৰীৰ অনুমাতে পৰ্য্যাপ্ত শিক্ষক নথকাত পাঠদানত ব্যাঘাত জন্মিছে ফৰাজী বস্তী মজলীয়া বিদ্যালয়ত

64
0
 
👉 ছাত্ৰ- ছাত্ৰীৰ অনুমাতে পৰ্য্যাপ্ত শিক্ষক নথকাত পাঠদানত ব্যাঘাত জন্মিছে ফৰাজী বস্তী মজলীয়া বিদ্যালয়ত ।
👉বাৰম্বাৰ অৱগত কৰি অহাৰ পিছতো নীৰৱ সংশ্লিষ্ট কৰ্তৃপক্ষ ।
👉আমাৰ পঢ়িবলৈ মন-আমাক শিক্ষক দিয়ক – শিক্ষা মন্ত্ৰীলৈ এই আহ্বান কণ কণ ছাত্ৰ ছাত্ৰীৰ ।
————————–
দৈনন্দিন বাৰ্তাLive@ ছাইদুল ইছলাম , ধিং , ২ ফেব্ৰুৱাৰী :প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ লক্ষ্যৰে চৰকাৰে কেতবোৰ অভিলাষী আঁচনি ৰূপায়ণ কৰা বুলি দাবী কৰি অহাৰ সমতে ধিঙৰ কমলসূতি চৰত ইয়াৰ বিপৰীত ছবি খনহে দেখা গৈছে । বহু সংখ্যক বিদ্যালয়ত প্ৰয়োজনীয় আন্ত:গাঁঠনিৰ সামান্তৰালকৈ ছাত্ৰ ছাত্ৰীৰ অনুমাতে পৰ্য্যাপ্ত শিক্ষক নথকাত পাঠদানত ব্যাঘাত জন্মিছে একাংশ বিদ্যালয়ত । কিন্তু নীৰৱ সংশ্লিষ্ট কৰ্তৃপক্ষ ।
উল্লেখ যে , ৰাজ্যৰ গুণগত শিক্ষা মান উন্নত কৰাৰ লক্ষ্যৰে শিক্ষা বিভাগে  টেট’পৰীক্ষা অনুষ্ঠিত কৰি শিক্ষক নিযুক্তি দি অহাৰ ওপৰি কেতবোৰ অভিলাষী আঁচনি গ্ৰহণ কৰি আহিছে যদিও নগাওঁ জিলা বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তর্গত ফৰাজী বস্তী মজলীয়া বিদ্যালয়ৰ বিধ্বস্ত ৰূপটোৱে উদঙাই দিছে প্ৰাথমিক শিক্ষাৰ ফোপোলা স্বৰূপটো । আঠটা শ্ৰেণীৰ 279জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাএ দুজন শিক্ষক । যাৰ বাবে আটাইকেটা শ্ৰেণীত মাএ দুজন শিক্ষকে পাঠদান কৰিব লগা হোৱাত ভীষণ অসুবিধাৰ সন্মুখীন হৈ আহিছে । কেৱল সেয়াই নহয়,প্ৰয়োজনীয় শ্ৰেণী কোঠাৰ অভাৱত একেটা কোঠালিতে একে সময়তে দুটাকৈ শ্ৰেণীৰ পাঠদান কৰি আহিব লগা হৈছে । উল্লখ্য যে , ধিং চহৰৰ পৰা মাত্র ১৫ কি:মি: নিলগতে অৱস্হিত এই বিদ্যালয়খন । বছৰ বছৰ ধৰি শিক্ষাকে প্ৰমূখ্য কৰি সকলো দিশতে পিছপৰি অহা কমল সূতি চৰত ২০০৬ চনতে আমাৰ পঢ়াশালী নামেৰে এখন বিদ্যালয় স্থাপন কৰা হৈছিল । পিছত ২০১০ চনত বিদ্যালয় খনে নতুন প্ৰাথমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা হয় । পৰবৰ্তী সময়ত অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দ্দেশনা মৰ্মে ২০১৪ চনতেই এই বিদ্যালয় খন মজলীয়া বিদ্যালয়লৈ উন্নত কৰণ কৰাৰ লগতে নিযুক্তি দিয়া হয় দুজনকৈ শিক্ষকক । প্ৰতিবছৰে এই বিদ্যালয়ত বহু সংখ্যক ছাএ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰে যদিও শিক্ষক কিন্তু দুজনেই । বৰ্ত্তমানে বিদ্যালয় খনত ২৭৯ জন ছাত্ৰ- ছাত্ৰীৰ বিপৰীতে শিক্ষক এই দুজনেই । ফৰাজী বস্তী মজলীয়া বিদ্যালয়ত প্ৰয়োজনীয় শিক্ষক নথকা বিষটো কেবাবাৰো বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ড বিষয়া,নগাঁও জিলা উপায়ুক্ত, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু মিছন সঞ্চালিকাৰ লগতে শিক্ষাক লিখিত ভাৱে জনাই অহাৰ পিছতো আজি পৰ্যন্ত কোনো ধৰণৰ কাৰ্যব্যৱস্হা গ্ৰহণ নকৰাত অন্ধকাৰ নামি আহিছে বিদ্যালয় খনলৈ । অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে কণ-কণ ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষা মন্ত্ৰীলৈ কাতৰ অনুৰোধ “শিক্ষা মন্ত্ৰী মহোদয় আমাৰ পঢ়িবলৈ মন আছে ,আমাক পঢ়িবলৈ দিয়ক । পঢ়াৰ পৰা আমাক বঞ্চনা নকৰিব । আমাক শিক্ষক লাগে । কণ ছাত্ৰ ছাত্ৰীৰ এই কাতৰ অনুৰোধৰ প্ৰতি শিক্ষামন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই কিমানটো গুৰুত্ব প্ৰদান কৰে সেয়া সময়ত লক্ষণীয় হব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here