Home মুখ্য পৃষ্ঠা প্ৰেমৰ কৰুণ পৰিণতি  প্ৰেমিকাৰ পৰিয়ালৰ হাতত প্ৰাণ হেৰুৱালে যুৱকে

প্ৰেমৰ কৰুণ পৰিণতি  প্ৰেমিকাৰ পৰিয়ালৰ হাতত প্ৰাণ হেৰুৱালে যুৱকে

310
0

 প্ৰেমৰ কৰুণ পৰিণতি 
প্ৰেমিকাৰ পৰিয়ালৰ হাতত প্ৰাণ হেৰুৱালে যুৱকে

দৈনন্দিন বাৰ্তা Live@ ৰূপজ‍্যোতি গোস্বামী : কলিয়াবৰ : ৩ ফেব্ৰুৱাৰী: প্ৰেমৰ কৰুণ পৰিণতিস্বৰূপে শুক্ৰবাৰে বিয়লি নগাঁৱৰ শালনাত এজন যুৱকে প্ৰাণ দিব লগা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় যথেষ্ট উত্তেজনাময় পৰিৱেশৰ। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ শালনাৰ গৌৰাংগ পাত্ৰৰ কণ্যাৰ সৈতে চিমনাৰ জটিয়াকছাৰী গাৱঁৰ কৰ্ণেশ্বৰ গঞ্জু নামৰ যুৱকজনৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। কিন্তু গৌৰাংগৰ পৰিয়ালে মানি লোৱা নাছিল এই সম্পৰ্কক আৰু ইয়াৰেই কৰুণ ফলশ্ৰুতি হিচাবে বিগত ২৬ জানুৱাৰীত প্ৰেমিকাৰ পৰিয়ালে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত  কৰিছিল প্ৰেমিক কৰ্ণেশ্বৰক। উক্ত দিনাৰ পৰা প্ৰায় এসপ্তাহ গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা প্ৰেমিক যুৱকজনে অৱশেষত নিয়তিৰ আগত হাৰ মানিবলৈ বাধ্য হয়। উল্লেখযোগ্য যে, যুৱকজনৰ মৃত্যুৰ বাতৰি শালনাত বিয়পি পৰাৰ পাছতেই তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় আৰু  মৃত  যুৱকজনৰ আত্মীয়ই প্ৰেমিকাৰ  পৰিয়ালৰ তিনিটাকৈ বাসগৃহ ভাঙি চূৰমাৰ কৰে। পৰিস্থিতি ক্ৰমাৎ অগ্নিগৰ্ভা হৈ পৰাত ঘটনাস্থলীত কাৰ্যবাহী দণ্ডাধীশ আৰু উচ্চপদস্থ আৰক্ষী বিষয়াসহ আৰক্ষী বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আনহাতে যুৱকজনৰ পৰিয়াল তথা ৰাইজৰ ৰোষত পৰি  ঘৰ এৰি পলায়ন কৰিছে প্ৰেমিকাৰ পৰিয়ালে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here