Home মুখ্য পৃষ্ঠা চাবুৱাত ছাত্ৰ মুক্তিৰ চৰকাৰী বিদ্যালয় ৰক্ষা অভিযান  

চাবুৱাত ছাত্ৰ মুক্তিৰ চৰকাৰী বিদ্যালয় ৰক্ষা অভিযান  

119
0

চাবুৱাত ছাত্ৰ মুক্তিৰ চৰকাৰী বিদ্যালয় ৰক্ষা অভিযান  

  • উন্মোচন হল শিক্ষা বিভাগৰ পয়ালগা দৃশ্য 

  • বাৰাণ্ডাতেই পাঠদান তিনিটা শ্ৰেণীৰ  ছাত্ৰ ছাত্ৰীক  

 দৈনন্দিন বাৰ্তাLive@, চাবুৱা ৫ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত যোৱা ৯ মাহ ধৰি প্ৰায় ২০ খনতকৈ অধিক বিদ্যালয়ৰ অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে এটা শ্ৰেণী কোঠাতেই পাঠগ্ৰহণ কৰি থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাবুৱা আঞ্চলিক সমিতিয়ে । সংগঠনটোৰ সাধাৰণ সম্পাদক দিপাঙ্কৰ গগৈ আৰু সভাপতি জিতুপন শইকীয়া, জগজিৎ গোহাঁই এক বিবৃতিৰ জৰিয়তে কয় যে যি  সময়ত  শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষা বিভাগৰ বহু উন্নতিৰ কথা কৈ গুণোৎসৱৰ নামত ঢাক – ঢোল বজাই আছে ঠিক সেই সময়তেই চাবুৱাৰ পানীতোলা শিক্ষাখণ্ডৰ অধীনৰ ৰংচঙী প্ৰাথমিক বিদ্যালয় , সৰুপথাৰ প্ৰাথমিক বিদ্যালয়ৰ লগতে  ২৫ খনতকৈ অধিক চৰকাৰী বিদ্যালয়ত  শিক্ষাদান দিয়াৰ নামত কণ – কণ ছাত্র-ছাত্ৰী সকলৰ জীৱনক লৈ হেতালি খেলি আহিছে শিক্ষা বিভাগে । উল্লেখযোগ্য যোৱা এপ্ৰিল মাহত অহা প্ৰচণ্ড বতাহ ধুমুহাৰ ফলত পানীতোলা শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰায় ২৫ খনতকৈ অধিক চৰকাৰী বিদ্যালয় ক্ষতিগ্ৰস্থ হৈছিল । বহুকেইখন বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ টিনপাট বতাহ ধুমুহাই উৰুৱাই নিয়াৰ ফলত এতিয়া ছাত্ৰ ছাত্ৰীসকলক পাঠদান  কৰিবৰ বাবে  শিক্ষকসকলে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে । অানহাতে  বহুকেইখন বিদ্যালয়ত এটা ৰুমতেই পাঁচটা শ্রেণীকোঠাৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰিবলগীয়া হৈছে । কিছুমান বিদ্যালয়ত খেলপথাৰৰ গছৰ তলত  পাঠদান কৰাৰ লগতে বিদ্যালয়ৰ বাৰাণ্ডাতো তিনিটা শেণীকোঠাৰ ছাত্ৰ ছাত্ৰীক মাটিত বঢ়াই পাঠদান কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্ঠি হৈছে । সংগঠনটোৰ নেতাজনে লগতে কয়  ৯ জুলাই তাৰিখে সংগঠনটোৱে চাবুৱা চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰি উপায়ুক্তক সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান কৰিছিল । ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা চৰকাৰী বিদ্যালয়সমূহ ১ মাহৰ ভিতৰত নিমাৰ্ণ কৰি ছাত্ৰ ছাত্ৰীসকলক এক সুস্থিৰ পৰিৱেশত শিক্ষাগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিবলৈ দাবী জনাইছিল  সংগঠনটোৱে  । কিন্তু অতি পৰিতাপৰ বিষয় ৯ মাহ পাৰ হৈ যোৱাৰ পিছতো  শিক্ষা বিভাগৰ লগতে জিলা প্ৰশাসনে বিষয়টোত গুৰুত্ব প্ৰদান কৰা দেখা নগল বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে । লগতে আজিৰ পৰা চৰকাৰী বিদ্যালয় ৰক্ষা অভিযান নামেৰে এক কাৰ্য্যসূচী আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দি পানীতোলা শিক্ষাখণ্ডৰ অন্তৰ্গত চৰকাৰী বিদ্যালয়সমূহ ধাৰাবাহিকভাৱে নিৰীক্ষণ কৰা হব বুলি সংগঠনটোৱে  জানিবলৈ দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here