Home মুখ্য পৃষ্ঠা প্ৰাক্তন কৃৰ্তী শিক্ষক জগজীৱন বৰাৰ মৃত্যু

প্ৰাক্তন কৃৰ্তী শিক্ষক জগজীৱন বৰাৰ মৃত্যু

68
0

প্ৰাক্তন কৃৰ্তী শিক্ষক জগজীৱন বৰাৰ মৃত্যু

নয়ন মনি বৰা,পুৰণিগুদাম,৬ ফেব্ৰুৱাৰী:—নগাঁও জিলাৰ পুৰণিগুদাম হালোৱা গাঁৱৰ সৰবৰাহী তথা বিনয়ী ব্যক্তি  জগজীৱন বৰাৰ (৬৫) যোৱা কালি মৃত্যু হয়৷প্ৰয়াত জগজীৱন বৰা সপৰিয়ালে পৰশুৰামকুণ্ড দৰ্শন কৰিবলৈ গৈ ঘূৰি আহোতে যোৱা ২১ জানুৱাৰী তাৰিখে নগাওঁ জিলাৰ কলিয়াবৰত এক পথ দূৰ্ঘটনাত পতিত হয় ।প্ৰয়াত বৰা তাৰ পিছৰে পৰা গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যুৰে সৈতে যুঁজি যোৱা কালি শেষ নিশ্বাস ত্যাগ কৰে ।উল্লেখ্য যে জগজীৱন বৰা এগৰাকী প্ৰাক্তন কৃৰ্তী শিক্ষক হোৱাৰ উপৰিও তেখেত অঞ্চলৰ বিভিন্ন সামাজিক সাংস্কৃতিক কামৰ লগত জড়িত হৈ আছিল।বৰাৰ মৃত্যুত হালোৱাগাৱঁৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে । মৃত্যুৰ সময়ত জগজীৱন বৰাই পত্নীৰ লগতে বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here