Home মুখ্য পৃষ্ঠা এন ই লাইভ ট্যুডেৰ সাংবাদিক সন্মিলন সম্পন্ন

এন ই লাইভ ট্যুডেৰ সাংবাদিক সন্মিলন সম্পন্ন

134
0

এন ই লাইভ ট্যুডেৰ সাংবাদিক সন্মিলন সম্পন্ন

দৈনন্দিন বাৰ্তা live@(আবুল হাছেম) খাৰুপেটিয়া ১৪ ফেব্ৰুৱাৰীঃ চছিয়েল মেডিয়াৰ জৰিয়তে বিভিন্ন ভাষাত প্ৰকাশিত ৱেব মেডিয়া এন,ই,লাইভ ট্যুডেই অতি কম সময়ৰ ভিতৰত জনসাধাৰণৰ মাজত জনপ্ৰিয়তা লাভ কৰা দেখা যায় । গাওঁ অঞ্চলৰ কিছুমান গুৰুত্বপূৰ্ণ বাটপথৰ  সমস্যা,জনপ্ৰতিনীধিয়ে কৰা দুৰ্নীতি আৰু উন্নয়নমুলক কাম কাযৰ লগতে গাঁৱৰ চুকে কুণে থকা যুৱক-যুৱতীৰ প্ৰতিভা সমুহ পেপাৰ পত্ৰিকা আৰু টিভি চেনেলে ঢুকি নোপোৱা বাতৰিবোৰ  চছিয়েল মেডিয়াৰ যোগেদি প্ৰচাৰ কৰাৰ বাবে যুৱ সাংবাদিক দীপেন ডেকাৰ নেতৃত্বত ওদালগুৰি জিলাৰ খৈৰাবাৰি নামৰ ঠাইত এন,ই,লাইভ ট্যুডেৰ জন্ম হৈ  জনসাধাৰণৰ পৰা প্ৰসংশা বুটলিবলৈ সক্ষম হয় । আনহাতে  বিয়াগোম কেলেংকাৰীত জৰিত কিছুমান বিষয়া ঠিকাদাৰৰ দুৰ্নীতিবোৰ এন,ই,লাইভ ট্যুডে নামৰ চছিয়েল মেডিয়াৰ যোগেদি ফাদিল হোৱাত দুৰ্নীতিগ্ৰস্থ বিষয়া ঠিকাদাৰৰ বিৰুদ্ধে চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । পেপাৰ পত্ৰিকা আৰু বৈদ্যুতনিক মাধ্যমৰ লগতে ৱেব মেডিয়াইও চৰকাৰৰ মাজত গুৰুত্ব লাভ কৰা দেখা যায় । এন ই লাইভ ট্যুডেৰ গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰৰ সমীপতে থকা কাৰ্যালয়ত  চ’ছিঅ’ ইক’ডেভেল’পমেন্ট ছোচাইটিৰ সভাপতি  ৰবি ৰাম বড়োৰ সভাপতিত্বত ৰাজ্যখনৰ পৰা অহা প্ৰায় দুই শতাধিক সাংবাদিকৰ উপস্থিতিত এখন সংবাদ সন্মিলন অনুষ্ঠিত কৰা হয় ৷
এন ই লাইভ ট্যুডেৰ মুখ্য সম্পাদক দ্বীপেন ডেকাই আঁত ধৰা সাংবাদিক সন্মিলত অসমৰ বিভিন্ন জিলাৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু স্থানীয় সাংবাদিক সকলৰ উপস্থিতিত সংবাদ পৰিৱেশন কৰিবলৈ গৈ বিভিন্ন ধৰণৰ বাধা বিঘিনীৰ সন্মুখীন হৈও সংবাদ পৰিবেশন কৰাৰ বাবে উৎসাহ দিয়ে ।       
ডিজিটেল যুগত ওৱেব নিউজ প’ৰটেলৰ ক্ষেত্ৰত সাংবাদিক সকলে মানিব লগীয়া কিছুমান নিয়ম নীতি সম্পৰ্কেও  মুখ্য সম্পাদক গৰাকীয়ে উল্লেখ কৰাৰ ওপৰিও সমাজত বিভ্ৰান্তিকৰ সৃষ্টি কৰিব পৰা বাতৰি বা ভিডিঅ’  নিউজ নকৰিবলৈও পৰামৰ্শ আগবঢ়ায় ৷সাংবাদিক সন্মিলনত উপস্থিত থকা এন ই লাইভ ট্যুডেৰ মুখ্য সঞ্চালক জহিবুৰ ৰহমানে এন ই লাইভ ট্যুডে ৱেব মিডিয়াই দেশৰ ভিতৰতে শ্ৰেষ্ঠ ওৱেব মিডিয়া ৰূপে পৰিগণিত হব বুলি আশা প্ৰকাশ কৰে । আনহাতে এন,ই,লাইভ ট্যুডেৰ
টেকনিচিয়েন আলতাফ হুছেইন,উপ সম্পাদক ক্ৰমে  ৰঞ্জিত ৰাজবংশী আৰু ৰবীন্দ্ৰ কুমাৰ ডেকা, নবনিতা বৰ্মন আদিয়ে ভাষণ প্ৰদান কৰে ৷ ৷
জ্যেষ্ঠ সাংবাদিক জিন্টু দাস,ৰূপক বৈশ্য,ফাৰহান আহমেদ লস্কৰ,নিটিশ পাটগিৰি আদিয়ে বক্তব্য ৰাখে ৷ 

খাৰুপেটিয়া

LEAVE A REPLY

Please enter your comment!
Please enter your name here