Home মুখ্য পৃষ্ঠা জ্যেষ্ঠ সাংবাদিক উমাকান্ত চাংমাইৰ মৃত্যুত গভিৰ শোক প্ৰকাশ সাংবাদিক সুৰক্ষা মঞ্চৰ 

জ্যেষ্ঠ সাংবাদিক উমাকান্ত চাংমাইৰ মৃত্যুত গভিৰ শোক প্ৰকাশ সাংবাদিক সুৰক্ষা মঞ্চৰ 

95
0

জ্যেষ্ঠ সাংবাদিক উমাকান্ত চাংমাইৰ মৃত্যুত গভিৰ শোক প্ৰকাশ সাংবাদিক সুৰক্ষা মঞ্চৰ 

দৈনন্দিন বাৰ্তা LIVE@চাবুৱা , ১৪ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক, তথা বিশিষ্ট চিন্তাশীল লেখক উমাকান্ত চাংমাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সাংবাদিক সুৰক্ষা মঞ্চ, অসমে। এক প্ৰেছ বিজ্ঞপ্তিত সাংবাদিক সংগঠনটোৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ছিৰাজুল ইছলাম, কাৰ্যকৰী সভাপতি হেমন্ত শৰ্মা আৰু সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে কয় যে, জ্যেষ্ঠ সাংবাদিক উমাকান্ত চাংমাইৰ মৃত্যুৱে অসমৰ সংবাদ জগতখনৰ এক অপুৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে। তেখেতে অসমৰ সমাজ-জীৱনলৈ দিয়া অৱদানক সাংবাদিক সুৰক্ষা মঞ্চই সোঁৱৰণ কৰি শেহতীয়াকৈ তেখেতৰ অপ্ৰকাশিত হৈ থকা প্ৰবন্ধ সমূহ এক গোট কৰি প্ৰকাশৰ ব্যৱস্থা কৰিব বুলিও সংগঠনটোৱে বিবৃত্তিটোত উল্লেখ কৰিছে। তেখেতৰ মৃত্যু সাংবাদিক সংগঠনটোক আটাইতকৈ মৰ্মাহত কৰি তোলা বুলি একেটা বিবৃতিত উল্লেখ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here