Home মুখ্য পৃষ্ঠা আজিৰে পৰা অনুষ্ঠিত হাইস্কুল, হাই মাদ্ৰাছাৰ চুড়ান্ত পৰীক্ষাত নগাঁও জিলাত অৱতীৰ্ণ হ’ব...

আজিৰে পৰা অনুষ্ঠিত হাইস্কুল, হাই মাদ্ৰাছাৰ চুড়ান্ত পৰীক্ষাত নগাঁও জিলাত অৱতীৰ্ণ হ’ব ২৫ হাজাৰৰো অধিক পৰীক্ষাৰ্থী

132
0

আজিৰে পৰা অনুষ্ঠিত হাইস্কুল, হাই মাদ্ৰাছাৰ চুড়ান্ত পৰীক্ষাত নগাঁও জিলাত অৱতীৰ্ণ হ’ব ২৫ হাজাৰৰো অধিক পৰীক্ষাৰ্থী # পৰীক্ষাৰ্থীক বিভিন্ন দল-সংগঠনৰ শুভেচ্ছা #

 নগাঁও, ১৫ ফেব্ৰুৱাৰী : সমগ্ৰ ৰাজ্যৰ লগতে অবিভক্ত নগাঁও জিলাতো (নগাঁও, হোজাই)চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ বাবে নগাঁও জিলা শিক্ষা বিভাগে জিলা প্ৰশাসনৰ সহযোগত প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে।কাইলৈৰ পৰা অনুষ্ঠিত হ’ব লগা এই পৰীক্ষাত অবিভক্ত জিলাখনৰ মুঠ ২৫,৩,৫৪গৰাকী পৰীক্ষাৰ্থী  অৱতীৰ্ণ হ’ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ ২৪,২৮১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। ইয়াৰে ছাত্ৰ পৰীক্ষাৰ্থী ১১,০৪৫ গৰাকী আৰু ১৩,২৩৬ গৰাকী ছাত্ৰী পৰীক্ষাৰ্থী। আনহাতে, অসম হাই মাদ্ৰাছা পৰীক্ষাত অবিভক্ত জিলাখনৰ ১,০৭৩ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ব। ইয়াৰে ৪২০গৰাকী ছাত্ৰ আৰু ৬৫৩ গৰাকী ছাত্রী।ইপিনে, অবিভক্ত জিলাখনৰ মুঠ পৰীক্ষা কেন্দ্ৰৰ সংখ্যা ৫৩ টা। শিক্ষা বিভাগৰ এটা সুত্ৰই জনোৱা মতে এইবাৰ কোনো স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰ চিহ্নিত হোৱা নাই। অৱশ্যে এক সুত্ৰই জনোৱা মতে জিলাখনত ৩/৪ টা কেন্দ্ৰ স্পৰ্শকাতৰ আছে। প্ৰতিদিনাই পৰীক্ষা সমুহ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব বুলি জিলা পৰীক্ষা পৰীক্ষা পৰিচালনা সমিতিয়ে জনাইছে। উল্লেখ্য, একাংশ পৰীক্ষা কেন্দ্ৰত দীৰ্ঘদিন ধৰি ছাত্ৰ-ছাত্ৰীয়ে লোৱা অসৎ উপায় অৱলম্বন কৰাৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগে যোৱা বৰ্ষৰ পৰা পৰীক্ষা কেন্দ্ৰ সমুহত চি চি টিভি কেমেৰা লগোৱা বাধ্যতামূলক কৰিছে, যাৰ বাবে এইবাৰো ৰাজ্যখনৰ আন কেন্দ্ৰ সমুহৰ লগতে নগাঁও জিলাৰ আটাইতকৈ কেন্দ্ৰত চি চি টিভি কেমেৰা ইতিমধ্যে সংলগ্ন কৰিছে। তদুপৰি, পৰীক্ষা কেন্দ্ৰ সমুহত যাতে কোনো ধৰণৰ অবাঞ্চিত ঘটনা সংঘটিত হয়, তাৰ বাবে নগাঁও আৰু হোজাই জিলা প্ৰশাসনে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে, পৰীক্ষা কেন্দ্ৰ সমুহত মবাইল ফোন সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিছে শিক্ষা বিভাগে। কাইলৈ পৰা অনুষ্ঠিত হ’ব এই পৰীক্ষাৰ বাবে সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, নগাঁও জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন, নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থা, নগাঁও জিলা অধিবিদ্যা পৰিষদ, আন্তঃজিলা পৰীক্ষা পৰিষদ, নগাঁও জিলা চৰ-চাপৰি সাহিত্য পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, নগাঁও জিলা মাদ্ৰাছা ছাত্র সন্থা, তিৱা ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্র সন্থা, কাৰ্বি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন ছাত্ৰ সংগঠনৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ক্ৰমে ৰূপক শৰ্মা, ৰকিবুল হুছেইন, নুৰুল হুদা, আঙুৰলতা ডেকা, আমিনুল ইছলাম, ডিম্বেশ্বৰ দাস, আব্দুল ৰহিম আজমল, শিলাদিত্য দেৱ, শিবু মিশ্ৰ আদিয়ে পৰীক্ষা সকলক শুভেচ্ছা জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here