Home মুখ্য পৃষ্ঠা জিলা প্ৰশাসনৰ মৰমত প্ৰান পাই উঠে  সঞ্জীৱনী নাৰ্ছীংহোমে  আৰ টি আইনক...

জিলা প্ৰশাসনৰ মৰমত প্ৰান পাই উঠে  সঞ্জীৱনী নাৰ্ছীংহোমে  আৰ টি আইনক বুঢ়া আঙুলি  ৰাজহুৱা স্বাৰ্থজনিত গোচৰ তৰাৰ সিদ্বান্ত অসমীয়া যুৱ মঞ্চৰ 

124
0

জিলা প্ৰশাসনৰ মৰমত প্ৰান পাই উঠে  সঞ্জীৱনী নাৰ্ছীংহোমে 

  • আৰ টি আইনক বুঢ়া আঙুলি 
  • ৰাজহুৱা স্বাৰ্থজনিত গোচৰ তৰাৰ সিদ্বান্ত অসমীয়া যুৱ মঞ্চৰ 

দৈনন্দিন বাৰ্তা Live@ দেৰগাঁও ২০ফেব্ৰুৱাৰী :
গোলাঘাট ,যোৰহাট জিলা প্ৰশাসন আৰু চিকিৎসা বিভাগৰ একাংশ দূৰ্নীতি গ্ৰস্থ বিষয়া কৰ্মচাৰিৰ বাবে অবৈধ ভাৱে চিকিৎসা সেৱা আগবঢ়োৱা সঞ্জীৱনী নাৰ্ছীংহোমে প্ৰান পাই উঠে – এই অভিযোগ অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিৰ । চিকিৎসাৰ নামত ৰুগীক হাৰাশাস্তি আৰু মানসিক অত্যাচাৰ চলোৱা যোৰহাটস্থিত সঞ্জীৱনী নাৰ্ছীং হোমৰ বিৰূদ্বে অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিয়ে গোলাঘাট জিলা উপায়ূক্ত ক অলপতে এখন স্মাৰক পত্ৰ প্ৰদান কৰে গোলাঘাট জিলা বাসীৰ একাংশ ভূক্ত ভূগী ৰাইজৰ অভিযোগৰ ভিত্তিত । সংগঠনটিয়ে জিলা উপায়ূক্ত গৰাকীক সঞ্জীৱনী নাৰ্ছীং হোমৰ বিৰূদ্বে এক উচ্চ পৰ্যায়ৰ তদন্ত বিছাৰি এই  স্মাৰক পত্ৰ প্ৰদান কৰে ।স্মাৰক পত্ৰত সংগঠন টিয়ে উল্লেখ কৰে যে নাৰ্ছীং হোম খনে ৰুগী ছোৱাৰ নামত অত্যাধিক বিল আদায় লোৱাৰ লগতে বহু ক্ষেত্ৰত ভূল চিকিৎসা প্ৰদান কৰি আহিছে একাংশ ৰুগীক ।ভূল চিকিৎসা প্ৰদান কৰা চিকিৎসকৰ চিকিৎসা অনুজ্ঞা পত্ৰ বাতিল কৰা আৰু চিকিৎসালয় খনৰ গাতে লাগি থকা বৰুৱা লেৱ ৰ যন্ত্ৰ পাতি সমুহৰ মানদণ্ড নিৰূপন , লেৱত কৰ্মৰত কৰ্মচাৰি সকলৰ অৰ্হতা ৰ প্ৰমান পত্ৰ তদন্ত ৰাজহুৱা কৰিবৰ বাবে দাবী জনাইছিল ।সংগঠনটিৰ  সভাপতি সঞ্জয় চক্ৰৱৰ্ত্তী আৰু সচিৱ প্ৰধান সঞ্জীৱ হাজৰিকা স্বাক্ষৰিত স্মাৰক পত্ৰটিত ১৫ দিনৰ ভিতৰত এই তদন্ত ৰাজহুৱা কৰাৰ দাবী জনাইছিল যদিও জিলা উপায়ূক্ত গৰাকীয়ে কোনো ধৰনৰ যাবতীয় ব্যৱস্থা গ্ৰহন নকৰাত ৰহস্যৰ গোন্ধ পাইছে সংগঠনটিয়ে   ।ইয়াৰ ওপৰিও সংগঠনটিয়ে তথ্য জনাৰ অধিকাৰ আইন ৰ জৰিয়তে নাৰ্ছীং হোম খনৰ সমগ্ৰ তথ্য বিচাৰি ২০১৭ বৰ্ষৰ ১১ নৱেম্বৰ ত তথ্য জনাৰ অধিকাৰ আইনৰ যৰিয়তে এখন  আবেদন কৰিছিল ।তিনিমাহ পাৰ হৈ যোৱাৰ পাছতো প্ৰতিষ্ঠানটিয়ে কোনো ধৰনৰ সহাৰি নজনোৱাত যোৱা ২ ফেব্ৰুৱাৰীত সংগঠনটিয়ে প্ৰথম আপীল কৰে যদিও আজিপৰ্যন্ত কোনো ধৰনৰ উত্তৰ পাবলৈ সক্ষম নহল ।কেচু খান্দোতে সাপ উলোৱাৰ ভয়তে তথ্য জনাৰ অধিকাৰ আইনক বুঢ়া আঙুলি দেখুৱাই  তথ্য প্ৰদান কৰাত বিলম্ব কৰিছে  সংগঠন টিৰ নেতৃবিন্দ ই অভিযোগ কৰিছে  ।উল্লেখযোগ্য যে নাৰ্ছীংহোম খনৰ বিৰূদ্বে আৰ টি আই কৰ্মী ৰিপুল কুমাৰ দাসে যোৰহাট সদৰ থানাত ভাৰতীয় দণ্ড বিধিৰ অধিনত  ৪২০ ধাৰাত ২০৩৪/১৭ নম্বৰত  এক জামিন বিহীন গোছৰ ৰুজু কৰিছে ২০১৭ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ১৮ তাৰিখে  ।কিহৰ মোহত – নাৰ্ছীংহোম খনে পাৰ্কীংৰ নামত সাধাৰন পথচাৰি ,বিদ্যালয়  মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ক দীৰ্ঘ দিনৰে পৰা জমৰ যাতনা ভোগাই অহাৰ পাছতো  নিমাত হৈ আছে যোৰহাট পৌৰসভা – এইয়া  হৈ পৰিছে কোটি টকীয়া প্ৰশ্ন ।পাৰ্কীংৰ ঠাই নথকা আৰু অত্যাধিক শব্দ প্ৰদুষন হোৱা অতি ব্যস্ত অঞ্চলটিত কি যুক্তিত নাৰ্ছীংহোম খনে লাভ কৰিছিল অনুজ্ঞা পত্ৰ ।সমস্থ অবৈধ কাম কাজ আৰু আইনক বুঢ়া আঙুলি দেখুৱাবলৈ সাহস কৰাত অৰিহনা যোগোৱা প্ৰশাসনৰ বিৰূদ্বে অচিৰেই এক আন্দোলনৰ কাৰ্যসুচি হাতত লোৱাৰ লগতে গুৱাহাটী উচ্চ ন্যায়লয়ত ৰাজহুৱা স্বাৰ্থ জনিত গোচৰ তৰাৰ সিদ্বান্ত লোৱাৰ কথা সংগঠনটিয়ে  বিবৃতিত উল্লেখ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here