Home মুখ্য পৃষ্ঠা দেৰগাঁওত বড়োধানৰ  খেতিৰে  কৃষকৰ  সেউজ  বিপ্লৱ  সুচনা# কৃষি মন্ত্রীৰ  গৃহ  জিলাত জলসিঞ্চন ...

দেৰগাঁওত বড়োধানৰ  খেতিৰে  কৃষকৰ  সেউজ  বিপ্লৱ  সুচনা# কৃষি মন্ত্রীৰ  গৃহ  জিলাত জলসিঞ্চন  আঁচনিৰ  পয়ালগা  অৱস্থা    

123
0

দেৰগাঁওত বড়োধানৰ  খেতিৰে  কৃষকৰ  সেউজ  বিপ্লৱ  সুচনা :

  • কৃষি মন্ত্রীৰ  গৃহ  জিলাত জলসিঞ্চন  আঁচনিৰ  পয়ালগা  অৱস্থা    

দৈনন্দিন বাৰ্তা Live@ দেৰগাঁও ২১ ফেব্ৰৱাৰী: অসম  চৰকাৰৰ কৃষিমন্ত্রী  অতুল  বৰাৰ গৃহ জিলা গোলাঘাটৰ অন্তৰ্গত  দেৰগাঁৱৰ  ব্ৰহ্মপুত্র  আঞ্চলৰ  বিভিন্ন  দ পতিত  কৃষিভূমিত  সম্প্রতি  বড়োধানৰ  খেতিত  নিযোজিত  হৈ  অসংখ্যকে  কৃষকে  অনেক  প্ৰতিবন্ধকতা  নেওচি পৰ্যাপ্ত সা – সুবিধাৰ  অবিহনে  নিজস্বভাৱে সেউজ বিপ্লৱৰ  সুচনা  কৰিবলৈ  সক্ষম  হৈছে |  কিন্তু  এই  ক্ষেত্রত অলপো গুৰুত্ব  আৰোপ নকৰা। চৰকাৰৰ বিয়াগোম কৃষি  বিভাগৰ  প্ৰতি  কৃষক  ৰাইজ  ক্ষুব্দ  হৈ  পৰিছে   | উল্লেখ্য  যে  ৰাজ্যখনত  চৰকাৰীভাৱে  কৃষকসকলক  বিভিন্ন  প্ৰকাৰে  সহায় – সহযোগ  আগবঢ়াবৰ  বাবে  এটি  কৃষি বিভাগৰ  থকাৰ  পাছতো  অঞ্চলটোৰ  পুৰণিমাটি  ভকত  গাঁও , নভংগা , জৰাগুৰি , টেমেৰা , ডুবিগাঁও , কোবালপামকে  আদি  কৰি  বহুকেইখন  গাঁৱৰ  কৃষকসকলে  সম্প্রতি অত্যন্ত কষ্ঠৰে নিজৰ  গৰুৰে  হাল বাই  অথবা  টেক্টৰ  ব্যৱহাৰ কৰি  গাঁঠিৰ ধন খৰছ  কৰি  কৃষিভূমি  প্ৰস্তুত  কৰিছে |  অন্যহাতে চৰকাৰৰ জলসিঞ্চন  আচঁনিৰ বিধ্বস্ত  অৱস্থাৰ  বাবে কৃষকে প্ৰতি লিটাৰত  ৬৫ টকাকৈ  ডিজেল তেল  ক্ৰয় কৰি
> মটৰ  পাম্পৰ  জড়িয়তে  পথাৰলৈ  পানী যোগান ধৰি কষ্টকৰ বৰোধানৰ  খেতি  কৰি থাকিব  লগা হৈছে | উল্লেখ্য যে প্ৰতিবছৰে  হোৱা  বাঢ়নী  পানীৰ সমান্তৰালকৈ  শুৰ  পোকৰ আক্ৰমনৰ কৱলত  পৰি  অঞ্চলটোৰ  কৃষকসকলে  পথাৰৰ  ধান  হেৰুৱাই  সৰ্বস্বন্ত হৈ  পৰাৰ  পিছতো   এনেদৰে  কষ্টকৰ  বৰোধানৰ  খেতি  কৰি   প্ৰতি বছৰে স্বাৱলম্বী  হ’ব  বিচাৰিছে  যদিও কৃষি  বিভাগৰ পৰা পৰ্যাপ্ত  সা – সুবিধাৰ  নোপোৱাত  ব্যাপক  সমস্যাৰ সন্মুখিন  হ’ব  লগা  হৈছে  কৃষকসকল | তদুপৰি বৃহত্তৰ  অঞ্চলটোত  কৃষিক্ষেত্রৰ  উন্নয়ণ আৰু  সম্প্রসাৰণৰ  প্ৰতি  লক্ষ্য  ৰাখি ১৯৮৭  চনতে  চৰকাৰীভাৱে  জিলাখনৰ অন্তৰ্গত  বিভিন্ন  গাঁৱত  একোটাকৈ  জলসিঞ্চনৰ কেন্দ্র  স্থাপন  কৰিলেও  যদিও  মেৰামতিৰ  অভাৱত  গৰিষ্ঠসংখ্যাক পানী  যোগান  কেন্দ্র  সম্প্রতি  নি: শেষ  হোৱাৰ  উপক্ৰম  হৈছে | বিশেষকৈ গেলাবীল  নৈৰ  কাষতে থকা  দলিজলিয়া  গাঁৱৰ কোটি  টকীয়া জলসিঞ্চল কেন্দ্রৰ, দাধৰা  পথাৰ , বিৰিনা গাঁও , পুৰণিমাটি , বালিডোৱা  , জৰাগুৰি  , খকন্দগুৰি  , গড়মৰা , বগৰিয়নীকে  ধৰি ভিন্ন  প্ৰান্তত  বহুকেইটা পানী  পৰিবাহী কেন্দ্র  আছে  যদিও  চৰকাৰীপক্ষৰ  অৱহেলাৰ  বাবে ক্ৰমাত  এইসমূহ  ধ্বংসস্তুপত পৰিণত  হৈছে  |  পৰিণতিত  দৰিদ্ৰ  কৃষক  ৰাইজে  সাধ্যনুসাৰে নিজস্বভাৱে  বৰোধানৰ  খেতি  কৰিব  লগা  হৈছে | বৰ্তমান ফাগুন মাহটো একপ্ৰকাৰ  শাওন  মাহলৈ  ৰূপান্তৰ  কৰি পথাৰ  আৰু  জলাশয়  সমূহত  পুৰুষ-মহিলা  উভয়ে  বৰোধান  খেতি  কৰি  আৰ্থিকভাবে  টনকিয়াল  হবলৈ  প্ৰচেষ্টা  অব্যাহত  ৰাখিছে  | সেয়ে  আঞ্চলবাসীয়ে জিলাখনৰ বিভিন্নপ্ৰান্তত অদ্যপি পৰিত্যক্ত  অৱস্থাত  থকা  জলসিঞ্চন  আঁচনিৰ  কেন্দ্রসমূহ   শীঘ্র  মেৰামতি  কৰি  পানী  যোগান  ধৰি  কৃষক ৰাইজক  সুবিধা  দিবৰ   বাবে  কৃষিমন্ত্রীৰ  প্ৰতি  দাবী  জনাইছে  |

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here