Home মুখ্য পৃষ্ঠা বাৰেচহৰীয়া ভাওনা বাতিল

বাৰেচহৰীয়া ভাওনা বাতিল

117
0

বাৰেচহৰীয়া ভাওনা বাতিল

জামুগুৰিহাটৰ ২১ টা নামঘৰত হ’ব ২১ খন ভাওনা 

পৰম্পৰা ৰক্ষাৰ চেষ্টা

দৈনন্দিন বাৰ্তা live, জামুগুৰিহাট , ১১ মাৰ্চ : দুশ বিশ বছৰীয়া সময় পাৰ কৰি জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাই সম্প্ৰতি অসমৰ পৰিসীমা অতিক্ৰম কৰি বহল পৰিসীমাৰ সমাদৰ পোৱাতো কেৱল জামুগুৰিহাটবাসীৰ বাবেই গৌৰৱৰ বিষয় নহয় । এই গৌৰৱৰ অংশীদাৰ সমগ্ৰ অসমবাসীয়েই । প্ৰকৃতিৰ নিষ্ঠুৰ পৰিহাসৰ বাবে প্ৰতিকুল বতৰে এই বেলি জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ সপোন দিঠকত পৰিনত হবলৈ নিদিলে । অথলে গ’ল জামুগুৰিবাসীৰ হাজাৰ হাজাৰ ৰাইজৰ অাশা ,অাৰু দীৰ্ঘ দিনিয়া সপোন তথা প্ৰায় দুমাহৰ পৰা কৰি অহা অশেষ শ্ৰম ।তথাপিও যেন জামুগুৰিহাটৰ ৰাইজে বাৰেচহৰীয়া ভাওনাৰ মোহ এৰিব পৰা নাই ।অযুত হেপাহ বুকুত বান্ধি জামুগুৰিহাটৰ ডেকা বুড়াৰ লগতে প্ৰতি ঘৰ গৃহষ্ঠিয়ে যি সপোন দেখিছিল সেয়া যেন অাজি বাস্তৱ ৰুপত প্ৰকাশ পাইছে । প্ৰতিকুল বতৰৰ ওচৰত অাত্মসমৰ্পন কৰি দ্বিতীয়া দিনৰ বাৰেচহৰীয়া ভাওনা ভাগ অনিদিষ্ট কাললৈ স্থগিত ৰখা হৈছিল যদিও ৰাইজে নিজ নিজ খলাৰ ভাওনা সমুহ নিজ নিজ গাৱঁৰ নামঘৰত অনুষ্ঠিত কৰি পৰম্পৰা অক্ষুন্ন ৰখাৰ সিদ্ধান্ত লৈছিল । সেই সিদ্ধান্ত অনুসৰি যোৱা কালিৰে পৰা বাৰেচহৰীয়া ভাওনাত দ্বিতীয় দিনা অনুষ্ঠিত হবলগীয়া ভাওনাৰ নাট সমুহ জামুগুৰিহাটৰ অন্তৰ্গত গাওঁ সমুহৰ নাম ঘৰ সমুহত অনুষ্ঠিত কৰাৰ পণ লৈছে । উল্লেখ্য যে যোৱাকালি বাৰেচহৰীয়া ভাওনাৰ অংশ বিশেষ সীতা হৰণ বালী বধ অাৰু প্ৰহ্লাদ চৰিত্ৰ নাট দুখনৰ ভাওনা দুভাগ জামুগুৰি হাটৰ ক্ৰমে মুধুপুৰ অাৰু চেছাঁসত্ৰ গাৱঁৰ নামঘৰত অনুষ্ঠিত হৈ যায় । মধুপুৰ গাৱঁত অনুষ্ঠিত হোৱা সীতা হৰণ – বালী বধ নাট খনৰ লগত জামুগুৰিহাটৰ ধোবাকটা, গোধামৰা চুক, উজৰাচুক , মৰনাকুৰি ( ঘিলাধৰীয়া ) গাৱঁৰ লগতে মধুপুৰ গাওঁ অাৰু ব্ৰাহ্মম সমাজৰ সহযোগত অনুষ্ঠিত হয় । এই গাঁও কেইখনে এই বেলিৰ বাৰেচহৰীয়া ভাওনাত ২১ নং খলা লাভ কৰিছিল ।একেদৰে চেছাসত্ৰ গাৱঁত অনুষ্ঠিত হোৱা প্ৰহ্লাদ চৰিত্ৰ নাট খন শংকৰ সংঘৰ জামুগুৰি অাঞ্চলিকে অনুষ্ঠিত কৰে য’ত জামুগুৰিহাটৰ শ্ৰী মন্ত শংকৰ দেৱ সংঘৰ অন্তৰ্গত ক্ৰমে চেছাসত্ৰ , টলকাবাৰী , দৌকাচাপৰি , বাহবাৰীসত্ৰ , অাৰ্য্যসমাজৰ লগতে প্ৰগতিশীল ব্ৰাহ্মণ সমাজে মিলি বাৰেচহৰীয়া ভাওনাত ১১ নং খলা লাভ কৰিছিল । স্মৰণ যুগ্য যে বাৰেচহৰীয়া ভাওনাত ১ নম্বৰ খলা লাভ কৰা জামুগুৰি হাটৰ ডেকাসুন্দৰ গাঁও খনে দ্বিতীয় দিনা অনুষ্ঠিত কৰিব লগিয়া ৰাম বিজয় নাটৰ ভাওনা খন তেওঁ লোকৰ গাঁৱৰ নামঘৰত সেইদিনাই নিশা অনুষ্ঠিত কৰে । সেইদৰে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত শলগুৰি গাঁৱৰ চেউনি ব্ৰটদোৱা থানত অাজি ৰাৱণ বধ নাটৰ ভাওনা ভাগ অনুষ্ঠিত হব । শ্ৰী মন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ জামুগুৰি অাঞ্চলিকৰ ৯ নম্বৰ মণ্ডলে বাৰেচহৰীয়া ভাওনাত ২০ নম্বৰ খলা লাভ কৰিছিল । ২০ নম্বৰ খলা লাভ কৰা অাঞ্চলিক কেইটা হ’ল ক্ৰমে মিলন , শলগুৰি , শলগুৰি এক , শলগুৰি দুই , মাধৱদেৱ , গোষায়চুক , ভেটখোৱাচুক এক , ভেটখোৱাচুক দুই , ভেটখোৱা চুক তিনি , ধোবাকটা , ইটাখোলা নাৰায়ণপুৰ , ৰাংচালিয়া কাঠৰ বাৰী , হেৰাপোৱা , মুড়াদ’ল এক , মুড়াদ’ল দুই , মুড়াদ’ল তিনি , ওপৰকুৰি অাঞ্চলিকৰ লগতে গেৰেলুৱাচুক অাঞ্চলিকে । এই দৰেই বাৰেচহৰীয়া ভাওনাৰ ২১ খন খলাৰ ২১ খন ভাওনা জামুগুৰিহাটৰ বিভিন্ন গাঁৱৰ নামঘৰ সমুহত অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে ।
জোন বৰা , জামুগুৰিহাট ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here