Home মুখ্য পৃষ্ঠা আমতল ভেৰগাৱঁত বিহু ঢোল বাদন আৰু নাচনী প্ৰশিক্ষণৰ সামৰণি  #প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা...

আমতল ভেৰগাৱঁত বিহু ঢোল বাদন আৰু নাচনী প্ৰশিক্ষণৰ সামৰণি  #প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা ‘স্বাগতম  বহাগ’ অনুষ্ঠান 

175
0

আমতল ভেৰগাৱঁত বিহু ঢোল বাদন আৰু নাচনী প্ৰশিক্ষণৰ সামৰণি  #প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা ‘স্বাগতম  বহাগ’ অনুষ্ঠান 
—————————————-
দৈনন্দিন বাৰ্তা live@(পবিত্ৰ কুমাৰ দাস) ঢেকীয়াজুলি ১৩মাৰ্চ :ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত আমতল ভেৰগাৱঁৰ শ্বহীদ বাকৰিত  আমতল ভেৰগাওঁ ৰঙালী উদযাপন সমিতিৰ উদ্যোগত  সপ্তৰ্ষি লোক কলা-কৃষ্টি একাডেমীৰ সহযোগত আয়োজন কৰা বিহু ঢোল বাদন আৰু নাচনীপ্ৰশিক্ষণৰ আজি সামৰণি পৰে ।উল্লেখযোগ্য যে ঢেকীয়াজুলিৰ সপ্তৰ্ষি লোক কলা কৃষ্টি একাডেমীৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে বৃহত্তৰ অঞ্চলটোক সামৰি এই বিহু ঢোল বাদন আৰু বিহু নাচনী প্ৰশিক্ষণ যোৱা ৫ মাৰ্চৰ পৰা অনুষ্ঠিত হৈছিল । অঞ্চলটোৰ বহু যুৱক -যুৱতীয়ে অংশ গ্ৰহণ কৰা প্ৰশিক্ষণত সপ্তৰ্ষি লোক কলা কৃষ্টি একাডেমীৰ সভানেত্ৰী গীতাঞ্জলি ডেকা, সদস্যা পিংকী বড়ো আৰু গীতুমনি হালৈ য়ে বিহু নাচনী আৰু   সপ্তৰ্ষি লোক কলা কৃষ্টি একাডেমীৰ সম্পাদক গণেশ ডেকা আৰু শত্ৰুঘ্ন কাণুয়ে ঢোল বাদন প্ৰশিক্ষণ দিয়ে  ।একাডেমীৰ স্থায়ী প্ৰশিক্ষক ৰূপম ভূঞাৰ তত্বাৱধানত অনুষ্ঠিত প্ৰশিক্ষণৰ সামৰণিৰ লগত সংগতি ৰাখি আজি আয়োজন কৰা ‘স্বাগতম বহাগ ‘অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে বিহু নৃত্য আৰু ঢোল বাদন প্ৰদৰ্শন কৰে।আমতলভেৰগাঁও ৰঙালী উদযাপন সমিতিৰ কৰ্মশালাৰ দায়িত্বত থকা গোলোক বৰাই পৰিচালনা কৰা এই অনুষ্ঠানতে সপ্তৰ্ষি লোক কলা কৃষ্টি একাডেমীৰ তৰফৰ পৰা বিহু নাচনী আৰু ঢোল বাদন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।প্ৰশিক্ষণৰ সামৰণি উপলক্ষে আয়োজিত  ‘স্বাগতম বহাগ ‘শীৰ্ষক  অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলৰ লগতে পুৰুষ -মহিলাই শ্বহীদ বাকৰিৰ মুকলি পথাৰত ঢোল  বজাই ,নাচি বহাগ বিহুৰ জাননী দিয়া দৃষ্টি নন্দন পৰিবেশৰ সৃষ্টি কৰে ।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here