Home মুখ্য পৃষ্ঠা নগাঁৱত ৰাতুল বৰা সোৱঁৰণী চিত্ৰাংকন প্ৰতিযোগিতা

নগাঁৱত ৰাতুল বৰা সোৱঁৰণী চিত্ৰাংকন প্ৰতিযোগিতা

228
4


নগাঁৱত ৰাতুল বৰা সোৱঁৰণী চিত্ৰাংকন প্ৰতিযোগিতা
=> এজাক শিশুৰ ৰং তুলিকাই জীপাল কৰিলে কলং পাৰৰ বাকৰি

দৈনন্দিন বাৰ্তা LIVE @ জিলা প্ৰতিনিধি,নগাঁও,১২ নৱেম্বৰ :: “ৰং তুলিকাই মানুহৰ মন পৱিত্ৰ কৰাৰ লগতে ধৈৰ্য্য আৰু সাহসী কৰি তোলে। ইয়াৰ দ্বাৰা শিশুসকলৰ মানসিক উৎকৰ্ষ সাধন হয় ।” -এই মন্তব্য অসমৰ বিশিষ্ট অভিনেতা গুণ মহন্তৰ। আজি নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিত নগাঁও প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত নগাঁৱৰ প্ৰয়াত সাংবাদিক ৰাতুল বৰা সোৱঁৰণী চিত্ৰাংকন প্ৰতিযোগিতাত বিশিষ্ট অতিথি হিচাপে অংশ লৈ এইদৰে মন্তব্য কৰি তেওঁ শিশুসকলক ছবি অঁকাৰ জৰিয়তে নিজৰ প্ৰতিভা বিকাশৰ বাবে আগবাঢ়ি যাবলৈ আহ্বান জনায়। জিলাখনৰ শতাধিক শিশুৱে অংশ গ্ৰহণ কৰা এই চিত্ৰাংকন প্ৰতিযোগিতাই আজি নেহৰুবালিৰ বাকৰি জীপাল কৰি তোলে। প্ৰতিযোগিতাৰ বিচাৰক হিচাপে অংশ গ্ৰহন কৰে বিশিষ্ট চিত্ৰ শিল্পী সুজিৎ দাস আৰু অৰবিন্দ দাসে। অনুষ্ঠানটোত নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি শৈলেন শ‌ইকীয়া, উপদেষ্টা কনক হাজৰিকা, সাধাৰণ সম্পাদক পলাশ প্ৰতীম হাজৰিকা, শিশু প্ৰেমী দুলাল বৰা, সাংবাদিক যাদৱ শ‌ইকীয়াৰ উপৰিও কেইবাগৰাকী নগঞা সাংবাদিকে অংশ গ্ৰহণ কৰি প্ৰয়াত সাংবাদিক ৰাতুল বৰাক শ্ৰদ্ধাৰে স্মৰণ কৰে। প্ৰতিযোগিতাৰ অন্তত প্ৰতিযোগীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। বিজয়ী প্ৰতিযোগীসকলক নগাওঁ প্ৰেছ ক্লাৱৰ সমাগত বাৰ্ষিক অধিবেশনত বঁটাসমুহ প্ৰদান কৰা হ’ব।

4 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here