Home অসম বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে প্ৰাণ গ’ল বন্যহস্তীৰ

বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে প্ৰাণ গ’ল বন্যহস্তীৰ

141
0

DB Live দেওপানী, ১৬ নবেম্বৰঃ আজি পুৱতি নিশা বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নামবৰ নদী চাহ বাগিচাৰ মাজত বিদ্যুতৰ তাঁৰত লাগি এটা বনৰীয়া হাতীয়ে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ ৰাজ্যখনত হাতী মানুহৰ সংঘাত চলি থকাৰ সময়তে বন্য প্ৰাণীৰ এনে আকস্মিক মৃত্যুয়ে প্ৰকৃতিপ্ৰেমী সকলৰ মাজত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷

আনহাতে অসমৰ গাৱেঁ ভূঁঞে বাঁহৰ খুঁটা, কাঠৰ খুটা আদিত মাটিৰ পৰা কিছু ওপৰেদি উলমি থকা অকৰ্মন্য অল্পমতি শক্তি বিভাগৰ কাৰুকাৰ্য সমূহ বন্য প্ৰাণীকে ধৰি মানুহৰ বাবেও যমদুত হৈ পৰিছে ৷ যোৱা ফ্ৰেব্ৰুৱাৰী মাহত দেওপানীৰ সমিপত বিদ্যুতৰ তাঁৰত লাগি দুটাকৈ বন্য হস্তীৰ কৰুণ মৃত্যুৰ এবছৰ নহওঁতে পুনৰাবৃত্তি হোৱা এনে ঘটনাই কাৰ্বি আংলং জিলা খনৰ নিধিৰাম চৰ্দাৰ ৰূপি বন বিভাগৰ অকৰ্মন্যতাক বাৰুকৈ উপহাস কৰি আহিছে ৷

এনেদৰে প্ৰত্যেক বছৰে ঘটি থকা কৰুণ ঘটনা সমূহৰ বাবে ‘জীৱ শ্ৰেষ্ঠ মানুহ’ বুলি দাবী কৰি অহা মানুহে নিজে নিজে প্ৰকৃতিক বিপন্ন কৰি  নিজৰ বিপদ চপাই আনিছে বুলি সচেতন মহলে মত ব্যক্ত কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here