Home অসম জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে শুক্ৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ২৮ সংগঠনৰ জোঁৰ সমদল

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে শুক্ৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ২৮ সংগঠনৰ জোঁৰ সমদল

143
0
DB Live, গুৱাহাটীঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শুক্ৰবাৰে সন্ধিয়া উত্তাল হৈ পৰে ৰাজ্য। জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত আছুৰ নেতৃত্বত ৰাজ্যৰ ২৮ টা জনগোষ্ঠীয় সংগঠনে জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
DB Live, বিলাসীপাৰাঃ সদৌ অসম ছাত্ৰ সন্হা আৰু ২৮ জনগোষ্ঠীয় সংগঠনৰ আহবানত নাগৰিকত্বত (সংশোধনী) বিধেয়ক-২০১৬ বাতিলৰ দাবীত বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গৰিয়া-মৰিয়া দেশীয় জাতীয় পৰিষদৰ সহযোগত শুক্ৰবাৰে সন্ধিয়া বিলাসীপাৰাত জোঁৰ সমদল কাৰ্যসূচী বাহিৰ কৰে। বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থা কাৰ্য্যলয়ৰ পৰা শ্বহীদ বেদী লৈ ২৮ টা জাতীয় সংগঠনে জোঁৰ সমদলেৰে জাতিধ্বংসী বিধেয়কখন অচিৰেই বাতিল কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী জনাইছে। প্ৰতিবাদকাৰীসকলে ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গ’ বেক’, ‘সৰ্বানন্দ সোনোৱাল গ’ বেক’, ‘বিজেপি চৰকাৰ গ’ বেক’ আদি শ্লো’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ইপিনে জোঁৰ সমদল কাৰ্যসূচীৰ ফলত বিলাসীপাৰাত ব্যাপক যান-জঁটৰ সৃষ্টি হয়।

DB Live, মদাৰখাতঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত শুক্ৰবাৰে সন্ধিয়া লাহোৱালত ‘আছু’ৰ নেতৃত্বত এক জোঁৰ সমদল বাহিৰ কৰা হয়৷ লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত বাহিৰ কৰা জোঁৰ সমদল কাৰ্যসূচীত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, অসম চাহ জনজাতি ছাত্ৰ সন্থা অংশগ্ৰহণ কৰি বিধেয়কখন বাতিলৰ দাবী জনোৱাৰ লগতে বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ প্ৰতিবাদকাৰীসকলে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল কৰক’, ‘বিজেপি চৰকাৰ হায় হায়’, ‘বিজেপি চৰকাৰ মূৰ্দাবাদ’, সৰ্বানন্দ সোনোৱাল মূৰ্দাবাদ’ আদি শ্লো’গান দি লাহোৱালত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে লাহোৱাল আৰক্ষী থানালৈকে ৰাজপথ কঁপাই তোলে৷ লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দিব্যজ্যোতি দত্তই জাতিধংসী বিধেয়কখন বাতিলৰ দাবী জনোৱাৰ লগতে কংগ্ৰেছৰ পোন্ধৰ বছৰ শাসন কালৰ অৱসান ঘটাই বিজেপিয়ে শাসনলৈ আহিয়েই অসমত হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কাৰ্যক অসমে কেতিয়াও মানি নলয় বুলি মন্তব্য কৰে৷ জোঁৰ সমদল কাৰ্যসূচীত লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিদ্যুত সাগৰ দত্ত, সাধাৰণ সম্পাদক নিশান্ত কোঁৱৰ, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অজয় গগৈ, চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি দয়ানন্দ শ্বাহকে ধৰি দুই শতাধিক আছু, আট্‌ছা, জাতীয় জনগোষ্ঠীয় সংগঠনৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।

DB Live, মঙ্গলদৈঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত দৰঙত আছুৰ উদ্যোগত জিলা শ্বহীদ ভৱনৰ পৰা শ শ প্ৰতিবাদকাৰীয়ে জোঁৰ লৈ সমদল বাহিৰ কৰে। আছুৰ লগতে ২৮ টাকৈ জাতীয় সংগঠনে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী উত্তাল কৰি তোলে পৰিৱেশ। আনহাতে মঙ্গলদৈ চহৰৰ লগতে জিলাখনৰ ছিপাঝাৰ, দেওমৰনৈ, দলংঘাট, নামখলাতো ২৮ জনগোষ্ঠীয় সংগঠনে জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে।

DB Live, শিৱসাগৰঃ জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবিত শুক্ৰবাৰে সন্ধিয়া সদৌ অসম ছাত্র সন্থাৰ উদ্যোগত ২৮টা জাতি-জনগোষ্ঠীয় সংগঠনে এক বিশাল প্ৰতিবাদী “জোঁৰ সমদল” কাৰ্য্যসূচী শিৱসাগৰ নগৰৰত ৰূপায়ণ কৰে। সন্ধিয়া প্ৰায় ৬ বজাত উক্ত কাৰ্য্যসূচী নগৰৰ বর্ডিং খেলপথাৰৰ পৰা নগৰৰ মাজেৰে যাত্ৰা কৰে। জাতি ধব্বংসীকাৰী বিধেয়কখন শীঘ্ৰে বাতিল কৰক, মূখ্য মন্ত্ৰী সোনোৱাল হায় হা‍য়, বিজেপি চৰকাৰ হুঁচিয়াৰ আদি শ্লগানেৰে আকাশ-বতাহ কঁপাই তুলে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত ২৮ টা জাতীয় সংগঠনৰ লগতে বিভিন্ন দল তথা সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ অসংখ্য লোকে অংশগ্ৰহণ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here