Home অসম লক্ষ্য গিনিছ ৱৰ্ল্ড ৰেকৰ্ডঃ চাইকেলেৰে ভাৰত ভ্ৰমণ যুৱকৰ

লক্ষ্য গিনিছ ৱৰ্ল্ড ৰেকৰ্ডঃ চাইকেলেৰে ভাৰত ভ্ৰমণ যুৱকৰ

477
0

দেওপানীৰ পৰা দিগন্ত মহন্তঃ দেশ সেৱাত বৰ্তি থকা সৈনিক সকলৰ বাবে শান্তিৰ বাৰ্তা লৈ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে  আফটাব ফৰিদি নামৰ ২৩ বছৰীয়া যুৱক জনে অ’ল ইণ্ডিয়া চিঙ্গল ক্ৰান্তি লংগেছ ডিছটেনছ চাইকেলিং ৰাজধানী চহৰ দিল্লীৰ পৰা আৰম্ভ কৰি কেইবাখনো ৰাজ্য অতিক্ৰম কৰি আজি আহি কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ শান্তিপুৰত উপস্থিত হৈছে ৷

অতি উৎসাহি আৰু সাহসী যুৱক আফটাব ফৰিডিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইতিমধ্যে আঁঠ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি আহি আজি সন্ধিয়া কাৰ্বি আংলং বৰপথাৰ আৰক্ষী থানাৰ কেইজনমান আৰক্ষী বিষয়াৰ আতিথ্যৰে নিশাটো কটাব বুলি জানিবলৈ দিছে৷ পুনৰ তেওঁ পুৱাই চাইকেলেৰে নাগালেণ্ডলৈ যাত্ৰা আৰম্ভ কৰিব বুলি জনাইছে ৷ এদিনত তেওঁ প্ৰায় দুশ কিলোমিটাৰ চাইকেল চলাই আহিছে বুলি জনাইছে৷ উদিয়মান যুৱকজনৰ এই শান্তিৰ বাৰ্তা বাহক যাত্ৰাৰ সুন্দৰ ভাৱে পৰিসমাপ্তি হোৱাৰ কামনা কৰিছে সচেতন ৰাইজে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here