Home অসম উত্তৰ-পূৱত চলিছে প্ৰাকৃতিক সম্পদ ধ্বংসৰ আখৰা

উত্তৰ-পূৱত চলিছে প্ৰাকৃতিক সম্পদ ধ্বংসৰ আখৰা

261
0

DB Live, তিতাবৰঃ উত্তৰ পূৰ্ব্বাঞ্চলত সঞ্চিত হৈ থকা অবাধ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু সংৰক্ষণৰ বাবে সময়ে সময়ে দাবী উত্থাপন হৈ আহিছে যদিও একাংশ চৰকাৰী বিভাগৰ সৈতে অসাধু ব্যৱসায়ীসকলৰ গোপন মিতিৰালি বাবে আজিও অঞ্চলটোৰ সম্পদ সমূহৰ সদব্যৱহাৰ সম্ভৱ হৈ উঠা নাই । যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ দুটা বিধান সমষ্টি যোৰহাট আৰু তিতাবৰৰ অসম নাগালেণ্ড সীমান্ত এতিয়া অবৈধ কাঠ আৰু চোৰাং কয়লা  ৰমৰমীয়া ব্যৱসায় থলীলৈ পৰ্যবেশিত হৈছে। বাৰিষাৰ দিনকেইটা পাৰ হোৱাৰ লগে মহকুমাটোৰ সীমান্ত পথেদি কাঠ আৰু কয়লাৰ চোৰাং ব্যৱসায়ী চক্ৰটো সক্ৰিয় হৈ উঠাৰ লগতে সীমান্ত অঞ্চলত প্ৰায়ে অপ্ৰীতিকৰ পৰিস্হিতিৰ সৃষ্টি হয়।

বিশেষকৈ চোৰাং ব্যৱসায়ী চক্ৰটোৱে ভূৱা ৰচিদ পাতিৰে জিলাখনৰ বনবিভাগ, আয়কৰ বিভাগ আৰু পৰিবহন বিভাগৰ চকুৰ সন্মুখেদিয়েই ভৱিষ্যতৰ প্ৰাকৃতিক ভাৰসাম্যতা  বিপদাপন্ন কৰি আৰু শক্তি উৎপাদনৰ প্ৰচুৰ সম্ভাৱনাময় সম্পদ দুবিধৰ অবাধ লুণ্ঠন আৰু ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে। মৰিয়নী সমষ্টিৰ নাগাজাংকা আৰু নাগিনীমৰা আৰু তিতাবৰ সমষ্টিৰ নগাবাট আৰু বেকাজানক কেন্দ্ৰস্হল কৰি চোৰাং কাঠ আৰু কয়লাৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছে যদিও বিয়াগোম বিভাগ কেইটাৰ চকুত নপৰাতো হাস্যকৰ বিষয়। চোৰাং ব্যৱসায়ীসকলে নাগালেণ্ডৰ যুদ্ধবিৰত সন্ত্ৰাসবাদী সংগঠনৰ সহযোগত নিজৰ ব্যৱসায়িক লাভালাভৰ দৰে ৰাষ্ট্ৰৰ সম্পদ লুণ্ঠনেৰে প্ৰাকৃতিক ভাৰসাম্যতা বিনষ্ট কৰি অহা কথাটো সময়ে সময়ে সংবাদ মাধ্যমৰ জৰিয়তে উদঙাই দিয়া হয় যদিও বিভাগকেইটাৰ বৰমূৰীয়াসকলে বিষয়টো একেকোবে নসাৎ কৰি অকাট্য যুক্তি প্ৰদৰ্শনেৰে অভিযোগ সমূহ নাকচ কৰি আহিছে।

সম্প্ৰতি পুনৰবাৰ সত্য প্ৰমাণিত কৰি তিতাবৰ মহকুমাৰ নৱনিযুক্ত মহকুমাধিপতি আয়ুস গাৰ্গে নিজা অনুসন্ধান অব্যাহত ৰাখি গোপন সূত্ৰৰ ভিত্তিত ১৩ নবেম্বৰ তাৰিখে পাঁচখনকৈ  যাৱতীয় নথি পত্ৰ নথকা কয়লা ভৰ্ত্তি ট্ৰাক জব্দ কৰি গ্ৰহন কৰা কঠোৰ স্হিতিৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। গোপন খবৰৰ ওপৰত ভিত্তি কৰি অভিযান চলাই মহকুমাধিপতিগৰাকীয়ে মৰিয়নী সমষ্টিৰ নাগাজাঙ্কাৰ শিৱপুৰৰ ওচৰৰ পাৱাৰগ্ৰীডৰ সমীপৰপৰা এ এচ ২৫ বিচি ৩২০৯, ডব্লিউবি ৫৯ এ ৪৫৮৪, এ এচ ১৯ চি ৭৪৬৬, এ এচ ১৭ বি ৭১৮১ আৰু এ এচ ১৭ বি ১৮৩৭ নম্বৰৰ পাঁচখন সম্পৰ্ণ কয়লা ভৰ্ত্তি ট্ৰাক জব্দ কৰি তিতাবৰ মহকুমাধিপতি কাৰ্যালয়লৈ লৈ আহে। কয়লা ভৰ্ত্তি ট্ৰাককেইখনৰ প্ৰাথমিক অনুসন্ধানৰ ভিত্তিত জানিব পৰা মতে প্ৰতিখন ট্ৰাকতে প্ৰয়োজনীয় নথি পত্ৰ নথকাকৈ অভাৰ লডিঙেৰে সম্পূৰ্ণ হৈ আছিল।

বৰ্তমান ট্ৰাককেইখন জব্দ কৰি তিতাবৰ মহকুমাধিপতিয়ে নথিপত্ৰ সন্দৰ্ভত যোৰহাট জিলা পৰিবহন বিষয়া, জিলা কৰ বিক্ৰী কৰ বিষয়াৰ প্ৰতিবেদন বিচৰাৰ লগতে ক’ল ইণ্ডিয়া লিমিটেড আৰু জোয়োগ্ৰাফ্ৰকেল মাইনিঙ বিভাগৰো প্ৰতিবেদন বিছাৰিছে। যদিহে সমগ্ৰ প্ৰতিবেদনৰ আধাৰত কয়লা অবৈধভাৱে সৰবৰাহ হোৱাতো প্ৰমাণ হয় তেন্তে বিষয়টোৰ লগত জড়িত সকলো বিভাগ আৰু ব্যৱসায়ীৰ বিৰুদ্ধে আইনগত ব্যৱস্হা লোৱাৰ ইংগিত দিছে। বিষয়াগৰাকীৰ এনে তৎপৰতাৰ পাচতে অসাধু ব্যৱসায়ী আৰু চৰকাৰী কৰ্মচাৰীৰ সান্দহ খোৱা বালি তল পৰাৰ আশংকা ঘনীভূত হৈছে।

মহকুমাধিপতি কাৰ্যালয়ে বিচৰাধৰণে নথিপত্ৰ দেখুৱাবলৈ ব্যৰ্থ হোৱাত আজি মহকুমাধিপতিৰ নিৰ্দ্দেশত মৰিয়নী আৰক্ষী থানাত মৰিয়নী ৰাজহ চক্ৰ বিষয়াই এখন এজাহাৰ দাখিল কৰিছে। ইয়াৰে তিনিখন ট্ৰাক সঞ্জীৱ চুৰি আৰু এখন দেৱজিত শইকীয়াৰ বুলি জানিব পৰাৰ লগতে অন্য এখনৰ বিষয়ে সবিশেষ বৰ্তমানলৈকে জনাব পৰা নাই মৰিয়নী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here