Home মুখ্য পৃষ্ঠা “ৰাজহাড় পোনাই থাকিলেহে ব্যক্তি বা সমাজে স্থায়িত্ব লাভ কৰে”ঃ হেমভাই

“ৰাজহাড় পোনাই থাকিলেহে ব্যক্তি বা সমাজে স্থায়িত্ব লাভ কৰে”ঃ হেমভাই

168
0

 

DB Live, নলবাৰীঃ “ভাৰতবৰ্ষত জন্ম হোৱা প্ৰতিজন নাগৰিকৰ কৰ্তব্য হৈছে নিজৰ কৰ্মৰাজিৰ দ্বাৰা সমাজত একতাৰ বিশেষ শিক্ষা দিয়া।” এই মন্তব্য গুৱাহাটী বশিষ্ঠশান্তি সাধনা আশ্ৰমৰ ধৰ্ম গুৰু হেমভাইৰ। উল্লেখ্য যে নলবাৰী জিলাৰ বালিতাৰা উন্নয়ন পৰিষদ আৰু জনসেৱা সংঘৰ সৌজন্যত আজি অঞ্চলটোৰ শতায়ু গৰকা প্ৰয়াত  জগদানন্দ তালুকদাৰৰ স্মৃতিত ৰাজহুৱা স্মৃতিচাৰন আৰু গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট ধৰ্ম গুৰু গৰাকীয়ে আৰু কয় যে “ৰাজহাড় পোনাই থাকিলেহে এজন ব্যক্তি বা এখন সমাজে স্হায়িত্ব লাভ কৰে।”

বিশিষ্ট সমাজ কৰ্মী চণ্ডীচৰন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰয়াত তালুকদাৰৰ স্মৃতিত প্ৰকাশ কৰা “মহাৰ্ঘ ” শীৰ্ষক সোঁৱৰণী গ্ৰন্থ খন উন্মোচন কৰি গুৱাহাটী এইছ বি দেউৰা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° নিৰঞ্জন কলিতাই কয় যে, এখন গ্ৰন্থ উন্মোচন কৰা মানে এখন পৱিত্ৰ তীৰ্থ স্হান ভ্ৰমণ কৰা।

স্হানীয় ভক্ত প্ৰাণ ৰাইজৰ নাম কীৰ্তনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানৰ মংগলাচৰণম পাঠ কৰে দ্ৰোণ ভাগৱতীয়ে। সমিতিৰ সম্পাদক বিজয় কলিতাই উদ্দেশ্য ব্যখ্যা কৰা আৰু বালিতাৰা উন্নয়ন পৰিষদৰ সভাপতি নৰেন দাসে আদৰণি ভাষন দিয়া সভাখনত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি মৃণালিনী দেৱী,”মহাৰ্ঘ”ৰ সভাপতি ৰত্নেশ্বৰ বসুমতাৰী, সম্পাদক নৰেন ৰয় লেখক মনোজ বৰ্মনকে ধৰি যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি য়ে অংশগ্ৰহন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here