Home অসম চৰকাৰৰ বিৰুদ্ধে ভোট বৰ্জনত অটল দধীয়াবাসী

চৰকাৰৰ বিৰুদ্ধে ভোট বৰ্জনত অটল দধীয়াবাসী

279
0

চাবুৱাৰ পৰা তপন কুমাৰ শইকীয়াৰ বিশেষ প্ৰতিবেদন, ১৮ নৱেম্বৰঃ বিশ্বৰ বৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ প্ৰতিজন নাগৰিকক সংবিধানে নিজৰ মতপ্ৰকাশৰ মৌলিক অধিকাৰ হিচাপে ভোটদানৰ অধিকাৰ প্ৰদান কৰিছে ৷ দেশৰ কোটি কোটি জনতাই প্ৰতিটো নিৰ্বাচনতেই নিজৰ মন প্ৰছন্দৰ প্ৰাৰ্থী নিৰ্বাচন কৰি চৰকাৰ গঠনৰ মতামত দি সাংবিধানিক অধিকাৰ সাব্যস্ত কৰাৰ সময়তে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত চাবুৱাৰ এটা অঞ্চলৰ ৰাইজে ভোট দানৰ পৰা বিৰত থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

চৰকাৰী বঞ্চনাৰ চৰম পৰ্যায়ত দস্তাবেজ প্ৰথমবাৰৰ বাবে ইতিহাসত লিপিবদ্ধ হোৱাৰ উপক্ৰম হৈছে ৷ চাবুৱা বিধানসভা সমষ্টিৰ পানীতোলা উন্নয়ন খণ্ডৰ বিন্ধাকটা গাঁও পঞ্চায়তৰ ২ টা ৱাৰ্ডৰ ৰাইজে হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত ভোট দান নকৰে বুলি ৰাজহুৱা ভাৱে সিদ্ধান্ত গ্ৰহণ কৰাক লৈ তোলপাৰ হৈছে ৷ চৰকাৰী বঞ্চনাৰ চৰম পৰ্যায়ত দস্তাবেজ প্ৰথমবাৰৰ বাবে ইতিহাসত লিপিবদ্ধ হোৱাৰ উপক্ৰম হৈছে ৷ প্ৰতিখন চৰকাৰ আৰু দলে কেৱল প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই ব্ৰক্ষ্মপুত্ৰ মাজত প্ৰাকৃতিক দুৰ্যোগে বিধস্ত কৰা দধিয়াৰ ৰাইজক প্ৰতাৰণা কৰি আহিছে ৷ ১৯৫০ চনৰ বৰভূঁইকপৰ পিছৰে পৰা তিনিচুকীয়া ডিব্ৰুগড় অবিভক্ত ডিব্ৰু চৈখোৱা বনাঞ্চলৰ দধিয়া ৰাইজৰ অভিশপ্ত দিনবোৰ আৰম্ভ হৈছিল ৷

অনেক ভূমি, সা-সাম্পত্তি, জীৱন আদি হেৰুৱাই অঘৰীৰ দৰে প্ৰকৃতিক দুৰ্যোগৰ সতে মোকাবিলা ব্ৰক্ষ্মপুত্ৰৰ মাজত বাস কৰি আহিছে ৷ ১৯৯৯ চনত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা হোৱাত উক্ত অঞ্চলত বসবাস কৰা লোক সকলৰ ভূমিহীন হৈ পৰে ৷ তাৰ পিছতে কোনো চৰকাৰ আৰু দলে উক্ত লোক সকলৰ বাবে ভূমি সংস্থাপনৰ চিন্তা কৰা নাই ৷ চলিত মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰক্ষ্মই ভূমি প্ৰদান কৰি পুনৰ সংস্থাপন কৰাৰ লিখিত প্ৰতিশ্ৰুতি দি আঠমাহ সময় দিছিল ৷

সেইয়াও অসাৰ প্ৰতিপন্ন হোৱাৰ দধিয়াৰ ৰাইজে ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট দানৰ পৰা বিৰত  থকা ঘোষণা কৰিছে ৷ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুধীতা কৰিও এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ আজি দধিয়াত পুনৰ সভা আয়োজন কৰি মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থী সকলক মনোনয়ন পত্ৰ উঠাই লবলৈ আহ্বান জনাই আৰু প্ৰাৰ্থী সকলেও ৰাইজৰ সতে সহমতত থাকি পত্র উঠাই লোৱা হ’ব বুলি প্ৰকাশ কৰে ৷ লগতে ৩ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈকে  দধীয়া ৰাইজৰ মবাইল বন্ধ ৰখা, যাতায়ত বাবে একমাত্ৰ নাও ব্যৱস্থা বন্ধ থাকিব বুলি সংকল্পবদ্ধ হয় ৷

ব্ৰক্ষ্মপুত্ৰৰ বুকুত অৱস্থিত দধীয়াত সাংবাদিকৰ প্ৰৱেশত বাধা প্ৰদান কৰা নাই বুলি জনাই সভাৰ ৰাইজে ৷ টাকাম মিচিং পৰিন কেবাং আৰু দধীয়া পুনৰ সংস্থাপন সমিতিৰ উদ্যোগত ১২০৬ টা পৰিয়ালৰ ভোটাৰে ভোট বৰ্জনৰ সিদ্ধান্তত ঐক্যমতত উপনিত হয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here