Home মুখ্য পৃষ্ঠা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সাফল্য চাবুৱাৰ চিন্ময় নেওগৰ

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সাফল্য চাবুৱাৰ চিন্ময় নেওগৰ

212
0

DB Live, চাবুৱা ঃ অসম লোকসেৱা অায়োগৰ শনিবাৰে নিশা ঘোষিত পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড় জিলাৰ চাবুৱা হাতীঅালি কয়লাবাৰী গাঁৱৰ চিন্ময় নেওগে ২৯ তম স্থান লাভ কৰি অসম প্ৰশাসনিক সেৱালৈ উত্তীৰ্ণ হোৱা বাতৰিয়ে চাবুৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে অঞ্চলটোৰ ৰাইজক উৎফুল্লিত কৰি তুলিছে।

অাজি পুৱা ৭ বজাত মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাৰ লগতে হাতীঅালি কয়লাবাৰী অঞ্চলৰ ৰাইজে হাতীঅালি পৰা বাইক ৰেলী কৰি কয়লাবাৰী বাসগৃহৰ লৈকে অাদৰি চিন্ময় নেওগক ফুলাম গামোচা অাৰু ফুলৰ থোপাৰে উষ্ম অভিনন্দন জনায়।

উল্লেখযোগ্য যে, ২০১৬ বৰ্ষৰ অসম লোকসেৱা অায়োগৰ পৰীক্ষাত ভূমি অাৰু ৰাজহ চত্রু বিষয়া ২৯ তম স্থানপ্ৰাপ্ত চাবুৱা ৰাজহ চত্রুৰ অন্তৰ্গত কয়লাবাৰী গাঁৱৰ নিবাসী নৱজ্যোতি নেওগ অাৰু কান্তী নেওগৰ জ্যেষ্ঠ পুত্র চিন্ময় নেওগে উক্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গাঁওখনৰ লগতে সমগ্ৰ চাবুৱা অঞ্চললৈ সুনাম কঢ়িয়াই অানিবলৈ সক্ষম হৈছে। অসম প্ৰশাসনিক সেৱাপ্ৰাপ্ত চিন্ময় নেওগে সংবাদ মাধ্যমৰ অাগত কয় যে সাধনা অাৰু অাত্মবিশ্বাস থাকিলে ছাত্র-ছাত্রীয়ে কৃতকাৰ্যতা লাভ কৰিবই। তেওঁ পিতৃ, মাতৃ লগতে সমূহ ৰাইজক ধন্যবাদ জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here