Home মুখ্য পৃষ্ঠা লাহোৱালত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

লাহোৱালত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

397
0

DB Live ,মদাৰখাত ২০ নৱেম্বৰঃ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছৰ দূৰ্গস্বৰূপ লাহোৱাল জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত কোৱৰে ৪ খন গাওঁ পঞ্চায়তত তুংগত উঠিছে পঞ্চায়তী যুঁজৰ প্ৰচাৰ।আজি ৰঞ্জিত কোৱৰে ৰমাই গাওঁ পঞ্চায়ত, চিৰিংহোলা গাওঁ পঞ্চায়ত, লাহোৱাল গাওঁ পঞ্চায়ত আৰু মদাৰখাত গাওঁ পঞ্চায়তত সহস্ৰ কংগ্ৰেছ কৰ্মীক লগত লৈ প্ৰতি ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাই।ৰঞ্জিত কোৱৰে কয় যে বিজেপিৰ প্ৰতিটো প্ৰতিশ্ৰুতি ভংগৰ উদাহৰণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ খনৰ  কথাও ৰাইজৰ আগত অৱগত কৰে।

বিদেশীয়ে টালি- টোপোলা বান্ধিব লাগিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছত হিন্দু বাংলাদেশীক আনিবলৈ উত্ৰাৱল হোৱা ,বিজেপিৰ দিনত উন্নয়ন স্তব্ধ হৈ পৰাৰ লগতে কংগ্ৰেছৰ দিনৰ উন্নয়ন মূলক আচনিৰ নাম সলোৱাৰ লগতে জনহিতকৰ আচনি ৰূপায়ণৰ পৰিৱৰ্তে চৰকাৰখন মেলা,উৎসৱ পতাত ব্যস্ত হৈ পৰা বুলি সমালোচনা কৰি কংগ্ৰেছ দলে বিগত সময়ত লাহোৱাল বিধানসভা সমষ্টিত কৰা উন্নয়ন মূলক কামৰ নিদৰ্শন চাই বিবেচনা সহকাৰে কংগ্ৰেছ প্ৰাৰ্থী সকলক বিজয়ী কৰিবলৈ আহ্বান জনায়।আজিৰ প্ৰচাৰ কাৰ্যত তেখেতৰ লগত সহযোগ কৰিছিল ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিনোদ বুঢ়াগোহাঁই, লাহোৱাল ব্লক কংগ্ৰেছৰ উপসভাপতি সুৰেশ কুৰ্মীকে ধৰি ভালেসংখ্যক ব্লক কংগ্ৰেছৰ বিষয় ববীয়াই ।

লাহোৱাল ব্লক কংগ্ৰেছৰ বহু সংখ্যক নেতাই প্ৰতিখন পঞ্চায়ততে বিজেপিৰ মিথ্যা প্ৰতিশ্ৰুতি ওফৰাই ৰাইজে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলক আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে।আজিৰ এই বৃহৎ নিৰ্বাচনী প্ৰচাৰ  দ্বাৰা কংগ্ৰেছ দলে পঞ্চায়তী ৰণত এখোজ আগুৱাই গৈছে বুলি কংগ্ৰেছ কৰ্মীসকলে মত ব্যক্ত কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here