Home অসম বিমল বৰপাত্ৰগোহাইৰ মৃত্যুত টাই আহোম জাতীয় পৰিষদৰ শোক        ...

বিমল বৰপাত্ৰগোহাইৰ মৃত্যুত টাই আহোম জাতীয় পৰিষদৰ শোক                  

172
0

DB Live, টিংখাং , ২০ নৱেম্বৰঃ টাই আহোম সমাজৰ এগৰাকী বিশিষ্ট পণ্ডিত অসম চৰকাৰৰ দ্বাৰা চ্যুকাফা বঁটাৰে সন্মানিত অৱসৰপ্ৰাপ্ত শিক্ষক বিমল বৰপাত্ৰগোহাইৰ মৃত্যুত তাই আহোম জাতীয় পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে। জাতীয় পৰিষদৰ এক বিবৃতিত বিমল বৰপাত্ৰগোঁহাইয়ে আগবঢ়াই যোৱা অৱদানক সমগ্ৰ আহোম সমাজে স্মৰণ কৰিব বুলি উল্লেখ কৰিছে।

তেওঁৰ মৃত্যুৱে অপূৰণীয় ক্ষতি হোৱাৰ লগতে আহোম সমাজে এজন অভিভাৱকক হেৰুওৱা বুলি বিবৃতিটোত উল্লেখ কৰিছে। সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি পূৰ্ণ গন্ধীয়া আৰু সাধাৰণ সম্পাদক অমৰজ্যোতি আৰন্ধৰাই বিবৃতিটোৰ জৰিয়তে বিমল বৰপাত্ৰগোঁহাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদ্‌গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here