Home মুখ্য পৃষ্ঠা অপূৰ্ব কাকতিক বিনা চৰ্তে মুক্তিৰ প্ৰতিবাদত পথ অৱৰোধ

অপূৰ্ব কাকতিক বিনা চৰ্তে মুক্তিৰ প্ৰতিবাদত পথ অৱৰোধ

157
0

ৰুণু হাজৰিকা, ডিগবৈ ২০ নৱেম্বৰঃ কালি জাগুনৰ পৰা অপহৃত হোৱা অপূৰ্ব কাকতিক বিনা চৰ্তে মুক্তিৰ প্ৰতিবাদত আজি ডিগবৈ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ডিগবৈৰ ৰামনগৰৰ ৰাইজে। আজি পুৱাৰে পৰা হোৱা পথ অৱৰোধ কাৰ্যসূচীত প্ৰায় দুঘ্ন্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ থকাত সাধাৰণ জনগন আবদ্ধ হৈ থকাৰ লগতে যাতায়াত ব্যৱস্থা বন্ধ হৈ থাকে।

প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলাৰ লগতে অপূৰ্ব কাকতিক বিনা চৰ্তে  মুকলি কৰি দিয়াৰ দাবী জনায়। উল্লেখ্য যে, জাগুন আৰক্ষী চকীৰ অন্তৰ্গত দহ মাইলৰ বিজয় বৰাৰ শিলৰ ক্রেচাৰ মেচিনৰ কৰ্মৰত থকা প্ৰবন্ধক অপূৰ্ব কাকতি  নামৰ ব্যক্তিজনক যোৱাকালি সন্ধিয়া প্ৰায় ৬মান বজাত অপহৰণ কৰি  নিয়ে অজ্ঞাত অস্ত্ৰধাৰী এটা দলে।

আধুনিক অস্ত্ৰ শস্ত্ৰৰে সু-সজ্জিত হৈ আহিছিল  দলটো। দলটোত আছিল ৩জনিয়া সশস্ত্ৰ যুৱক। এই অপহৰণ কাণ্ডই এতিয়া সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহৰী অপূৰ্ব কাকতিৰ ঘৰ ডিগবৈত বুলি জানিব পৰা গৈছে। ইতিমধ্যে লোক জনক উদ্ধাৰৰ বাবে আৰক্ষীয়ে সমগ্ৰ অঞ্চলত ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে। উল্লেখ্য যে, জাগুন অঞ্চলত  এইটো হৈছে চতুৰ্থটো অপহনৰ কাণ্ড।

ইয়াৰ পূৰ্বে আলফা স্বাধীনে জাগুণৰ পৰা অৰুণাভ ফুকন, দীননাথ উৰফে গোপাল উপাধ্যায় আৰু প্ৰবিত্ৰ গগৈক আলফা স্বাধীনে অপহৰণ কৰিছিল আৰু এইয়া চতুৰ্থ জন অপহৰণ হল অপূৰ্ব কাকতিৰ। সেইয়ে এনে এক পৰ্যায়ত বিভিন্ন মহলে এই অপহৰণকাণ্ডত আলফা স্বাধীন জৰিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। অন্যহাতে আকৌ এচাম লোকে ধন দাবীৰ বাবে এই অপহৰণ কাণ্ড সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ কৰে। যিহেতু প্ৰতিটো অপহৰণকাণ্ডৰ পিছত প্ৰতিস্থিত শিলৰ কুৱাৰীৰ  স্বত্বাধিকাৰী সকলক আলফা স্বাধীনে লক্ষ্য কৰি লোৱাৰ পৰিলক্ষিত হৈছে বুলি সচেতন মহলৰ মাজত চৰ্চাৰ বিষয় হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here