Home মুখ্য পৃষ্ঠা জামুগুৰিহাটত অখণ্ড হৰি কীৰ্ত্তন

জামুগুৰিহাটত অখণ্ড হৰি কীৰ্ত্তন

212
0

DB Live, জামুগুৰিহাট, ১০ নৱেম্বৰঃ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্ত্তন সমিতিৰ সৌজন্যত ২নং বাটমাৰী নৱজ্যোতি কীৰ্তন সংঘ আৰু স্বৰস্বতী মহিলা কীৰ্ত্তন সংঘৰ উদ্যোগত তিনিদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হয় হৰি কীৰ্ত্তন সমাৰোহ ভাগ৷

সোণালী জয়ন্তী অতিক্ৰম কৰা তথা ৬০ সংখ্যক এই কেন্দ্ৰীয় হৰি কীৰ্ত্তনত অঞ্চলটোৰ ১২১ খন কীৰ্ত্তন শাখাই সহযোগ কৰে৷ বিশ্ব শান্তি আৰু সমাজৰ অপায় অমঙ্গল দূৰ কৰি শান্তি প্ৰতিষ্ঠাৰ লগতে সমাজ কল্যানৰ হকে এই অখণ্ড হৰি কীৰ্ত্তন ভাগ অনুষ্ঠিত কৰা হয়,য’ত হাজাৰ হাজাৰ ভক্তপ্ৰান ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়৷

সমগ্ৰ উত্তৰ জামুগুৰিৰ লগতে জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তৰপৰা যোৱা ভক্তপ্ৰান ৰাইজৰ উপস্থিতিয়ে ২ নং বাতমাৰি অঞ্চল বৈকুণ্ঠপুৰীত পৰিণত কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here