Home অসম মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত বিজেপিৰ ভেঁটি থৰক-বৰক

মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত বিজেপিৰ ভেঁটি থৰক-বৰক

248
0

DB Live, চাবুৱাঃ জাতিৰ এই অস্তিত্বৰ সংকটৰ সময়ত আমি দুটা শিৱিৰত ভাগ হব লাগিব। অসমীয়া ভাষা, সংস্কৃতি ৰক্ষা কৰিব বিচৰা খিলঞ্জীয়া অসমীয়াই অসম গণ পৰিষদত আহিব লাগিব। যিসকল বাংলাদেশীৰ পৃষ্ঠপোষক, বাংলাদেশীক অসমত সংস্থাপন কৰি অসমীয়াক গৃহহীন কৰিব বিচৰাসকলে বিজেপিত যোগ দিয়ক। যাৰ অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি প্ৰেম আছে তেওঁলোকেহে অসম গণ পৰিষদৰ লগত থাকিব।

এই মন্তব্য অসম গণ পৰিষদৰ কেন্দ্ৰীয় মুখপাত্ৰ পোণাকন বৰুৱাৰ। ক্ৰমাত্ চমু চাপি আহিছে পঞ্চায়ত নিৰ্বাচনৰ দিন। তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ । অভিনৱ নিৰ্বাচনী প্ৰচাৰেৰে ভোটাৰৰ মন জয় কৰাৰ প্ৰচেষ্টা চলাইছে একাংশ প্ৰাৰ্থীয়ে। ইপিনে চাবুৱাতো আঞ্চলিক দল অসম গণ পৰিষদে অভিনৱ নিৰ্বাচনী প্ৰচাৰেৰে ভোটাৰৰ মন জয় কৰাত উঠি পৰি লাগিছে প্ৰাৰ্থীসকল। আঞ্চলিক দলটোৰ কেন্দ্ৰীয় মুখপাত্ৰ পোনাকন বৰুৱাৰ নেতৃত্বত নামঘৰে নামঘৰে গৈ ভকত-বৈষ্ণৱৰ সেৱা লৈ ভোটাৰক আকৃষ্ট কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে।

হিন্দু বাংলাদেশীৰ ৰক্ষক কংগ্ৰেছ আৰু বিজেপিক উচিত্ প্ৰত্যুত্তৰ দিবৰ কাৰণে এইবাৰ পঞ্চায়ত নিৰ্বাচনত সকলো অসমীয়াক ককালত টঙালি বান্ধিবলৈ আহ্বান জনাইছে অগপৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতিৰো দায়িত্বত থকা পোনাকন বৰুৱাই।
জাতিৰ অস্তিত্বৰ সংকটত আমি দুটা শিৱিৰত ভাগ হব বুলি উল্লেখ কৰি বৰুৱাই কয় যে, অসমীয়া ভাষা, সংস্কৃতি ৰক্ষা কৰিব বিচৰা খিলঞ্জীয়া অসমীয়াই অসম গণ পৰিষদত আহিব লাগিব। যিসকল বাংলাদেশীৰ পৃষ্ঠপোষক, বাংলাদেশীক অসমত সংস্থাপন কৰি অসমীয়াক গৃহহীন কৰিব বিচৰাসকলে বিজেপিত যোগ দিয়ক। যাৰ অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি প্ৰেম আছে তেওঁলোকেহে অসম গণ পৰিষদৰ লগত থাকিব।

উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত ৰাইজৰ বিজেপিৰ প্ৰতি মোহভংগ ঘটিছে । বিশেষকৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমত লাখ লাখ হিন্দু বাংলাদেশী নাগৰিকক সংস্থাপন কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে একত্ৰিত হৈছে ডিব্ৰুগড়বাসী ৰাইজ। এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজে বিজেপিৰ বিৰুদ্ধে গ্ৰহণ কৰিব শুনানি। আনহাতেদি দলটোৱে দিনে ৰাতিয়ে চাবুৱা অঞ্চলৰ বিভিন্ন গাওঁসমূহত অব্যাহত ৰাখিছে বিজেপিৰ ব্যাপক প্ৰচাৰ অভিযান । আজি নিজ চাবুৱা কৰত জংগলত হোৱা এখন ৰাজহুৱা সভাত জাতি ৰক্ষাৰ স্বাৰ্থত বিজেপি দলৰ নিজ চাবুৱা ৱাৰ্ডৰ বুট সম্পাদক বিৰেণ মুণ্ডা, ৰাজকুমাৰ গগৈ আৰু হাতিয়ালিৰ বিজেপি দলৰ প্ৰাক্তন ৱাড মেম্বাৰ দেৱাৰো উৰাংয়ে শতাধিক সদস্য লগত লৈ অসম গণ পৰিষদ দলত যোগদান কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here