Home মুখ্য পৃষ্ঠা গেলেকী শিঙিবিল বি অ’ পিৰ সন্মুখত টাইপাৰ নগা চুক্তি ৰাজহুৱা ও বাতিলৰ...

গেলেকী শিঙিবিল বি অ’ পিৰ সন্মুখত টাইপাৰ নগা চুক্তি ৰাজহুৱা ও বাতিলৰ দাবীত বিশাল প্ৰতিবাদী জোঁৰ সমদল

184
1


গেলেকী শিঙিবিল বি অ’ পিৰ সন্মুখত টাইপাৰ নগা চুক্তি ৰাজহুৱা ও বাতিলৰ দাবীত বিশাল প্ৰতিবাদী জোঁৰ সমদল

দৈনন্দিন বাৰ্তা LIVE@ প্ৰতিনিধি, গেলেকী, ১৩নৱেম্বৰঃ গেলেকী আৰক্ষী থানা অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৱৰ্তী অসমৰ গেলেকী শিঙিবিল বজাৰ গৃহৰ পৰা শিঙিবিল বি অ’ পিৰ সন্মুখৰ আৰক্ষীৰ তালাচী গেটলৈকে টাই আহোম যুৱ পৰিষদ, অসম অন্যাৰ্থে টাইপা গেলেকী আঞ্চলিক সমিতিৰ উদ্যোগত কেন্দ্ৰীয় হেমন্ত চাংমাই সভাপতি, যতীন বৰুৱা সাংগঠনিক সম্পাদক সহ একাধিক প্ৰতিনিধি বৰ্গ আৰু নাজিৰা মহকুমা সমিতিৰ সহযোগত যোৱা দেওবাৰে নিশা এন এচ চি এন তথা নগাৰ হৈতে কেন্দ্ৰীয় চৰকাৰে কৰা চুক্তিখন ৰাজহুৱা কৰণ আৰু বাতিলৰ দাবীত টাইপাই প্ৰতিবাদী কণ্ঠৰে বিশাল জোঁৰ সমদল উলিয়াই । উল্লেখ্য যে গেলেকী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪,৫০০হেক্টৰ ভূমিৰ লগতে সীমান্ত অঞ্চলটোৰ বহু চৰকাৰী চিলিং এক্টৰ ভূমি বেদখল কৰি বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত কৰাৰ লগতে অৱশিষ্ট ভূ-খণ্ড বেদখলৰ বাবে নগাই প্ৰচেষ্টা চলাই অহাৰ লগতে প্ৰায়ে সন্ত্রাস আৰু তাণ্ডৱ চলাই আহিছে ।এনে সময়তে কেন্দ্ৰীয় চৰকাৰে নগা শান্তি চুক্তিৰ যোগে পুনৰ অসমৰ ভূ-খণ্ড নাগালেণ্ডক অৰ্পণৰ গোপন প্ৰচেষ্টাৰ বিৰুদ্ধে গেলেকীত এক জোৰ সমদলৰে টাইপাই উত্তাল কৰি তোলে । সংগঠনটোৰ গেলেকী আঞ্চলিক সমিতিৰ সম্পদক ৰাতুল দুৱৰাৰ উদ্যোগত,

গেলেকী শিঙিবিল বি অ’ পিৰ সন্মুখত টাইপাৰ নগা চুক্তি ৰাজহুৱা ও বাতিলৰ দাবীত বিশাল প্ৰতিবাদী জোঁৰ সমদল
সংগঠনটোৰ কেন্দ্ৰীয় আৰু নাজিৰা মহকুমা সমিতি আৰু স্হানীয় ৰাইজৰ সহযোগত নাগালেণ্ড সীমান্তৰ শিঙিবিলস্হিত অসম আৰক্ষী বেটেলিয়েন কেম্পলৈকে উলিওৱা এক বৃহৎ জোৰসমদলৰে সীমান্ত অঞ্চলটো উত্তাল হৈ উঠে । সংগঠনটোৰ কেইবাশতাধিক প্ৰতিবাদী কৰ্মীয়ে অংশ গ্ৰহন জোৰ সমদলটো শিঙিবিল কেম্পৰ পৰা প্ৰায় আধা কিলমিটাৰ পথ নাগালেণ্ডৰ দিশলৈ আগুৱাই গৈ নগাৰ বিৰুদ্ধে গৰজি উঠে ।
গেলেকী শিঙিবিল বি অ’ পিৰ সন্মুখত টাইপাৰ নগা চুক্তি ৰাজহুৱা ও বাতিলৰ দাবীত বিশাল প্ৰতিবাদী জোঁৰ সমদল
সমদলটোত অংশ গ্ৰহন কৰা প্ৰতিবাদী কৰ্মীসকলে কেন্দ্ৰীয় চৰকাৰ মূৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, ৰাজ্য চৰকাৰ হায় হায়, নগা ফ্ৰেমৱৰ্ক চুক্তি বাতিল কৰক, অসমৰ এক ইঞ্চিও ভূমি নাগালেণ্ডক দিয়া সহ্য কৰা নহব, তেজ দিম মাটি নিদিও, নগাৰ দখলত থকা ভূমি শীঘ্ৰে উচ্ছেদ কৰক আদি শ্ল’গানেৰে উত্তাল কৰি তোলে সীমান্তৰ অঞ্চলটো । ইয়াৰ পাছতে সংগঠনটোৱে নগা ফ্ৰেমৱৰ্ক আৰু অসমৰ ভূমি অন্তৰ্ভক্তিৰে কৰা নগা চুক্তি বাতিলৰ দাবীত মূখ্যমন্ত্রীলৈ এখন স্মাৰকপত্র প্ৰেৰণ কৰে । উল্লেখ্য যে নাজিৰা মহকুমাৰ এই সীমান্তবৰ্তী অঞ্চলটোৰ একাংশলোকে নগাক গোপনে সহায় কৰাৰ অভিযোগ ৰাইজৰ মাজত উত্থাপিত হৈছে ।
*

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here