Home অসম লাহোৱালত বিজেপিৰ ঋতুপৰ্ণ বৰুৱাৰ নিৰ্বাচনী ৰণডংকা

লাহোৱালত বিজেপিৰ ঋতুপৰ্ণ বৰুৱাৰ নিৰ্বাচনী ৰণডংকা

237
0

দিবাকৰ দত্তৰ প্ৰতিবেদন ২২ নৱেম্বৰঃ ৰাজ্যৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ  মিত্ৰজোট চৰকাৰৰ অন্যতম অংশীদাৰ ভাৰতীয় জনতা পাৰ্টী আৰু আঞ্চলিক দল অসম গণ পৰিষদে পৃথকে পৃথকে ৰাজনৈতিক যুজত অৱতীৰ্ণ হ’ব বুলি নিশ্চিত হোৱাৰ পিছত দুয়োটা দলেই সম্প্ৰতি নিজ নিজ বাহুবল প্ৰদৰ্শন কৰিবলৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে। আজি ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে চিৰিংহোলা গাওঁ পঞ্চায়ত অন্তৰ্গত ১নং ৱাৰ্ড  আৰু ২নং ৱাৰ্ডত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰে। উক্ত সভাত চিৰিংহোলা পঞ্চায়ত বিজেপিৰ মনোনীত সভাপতি প্ৰাৰ্থী কুমুদ দত্ত‌ই আগন্তুক পঞ্চায়ত নিৰ্বাচনত মই জয়ী হলে আগন্তুক পঞ্চায়তৰ কাম আধাৰুৱা হৈ আছে তেখেতৰ দিনত সম্পূৰ্ণ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে। দত্তই কয় যিহেতু কেন্দ্ৰত আৰু ৰাজ্যত আমাৰ বিজেপি চৰকাৰ আছে ।

চৰকাৰৰ বিভিন্ন আচনি সমূহৰ বিষয়ে বিশদভাৱে ৰাইজৰ আগত অৱগত কৰে।আৰু চিৰিংহোলা আঞ্চলিক পঞ্চায়তৰ সদস্য বিভাৰানী গগৈয়ে কয় পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচিত হৈ আহিলে মই প্ৰথমে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ৰাইজৰ হৈ কাম বিলাক কৰিম বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি আগবঢ়াই।প্ৰাক্তন লাহোৱাল জিলা পৰিষদৰ সদস্য ,এইবাৰ বিজেপিৰ লাহোৱাল জিলা পৰিষদৰ মনোনীত সদস্য প্ৰাৰ্থী ভূপেন কুমাৰ গগৈয়ে কয় আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচিত হৈ আহিলে ৰাইজৰ লগত বন্ধুত্ব সুলভ মনোভাৱেৰে কাম কৰিম বুলি অৱগত কৰে ।

গগৈয়ে কয় যে যি সকল ব্যক্তিয়ে এতিয়াও চৰকাৰৰ আচনিৰ পৰা প্ৰকৃত ব্যক্তিয়ে বঞ্চিত হৈ আছে তেওঁলোকক প্ৰথমে অগ্ৰাধিকাৰ দিয়া হব বুলি ৰাইজৰ আগত বক্তব্য আগবঢ়াই।লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই প্ৰথমে কংগ্ৰেছ চৰকাৰক সমালোচনা কৰে।কংগ্ৰেছৰ আগন্তুক কাম কাজৰ  ওপৰত বক্তব্য আগবঢ়াই।বৰুৱাই কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল  ডাঙৰীয়াই সদায় দুখীয়া ৰাইজ তথা চাহ শ্ৰমিকৰ প্ৰতি দায়বদ্ধ আৰু IMDT আইন বাতিল কৰা মুখ্যমন্ত্ৰীৰ প্ৰতি আস্তা ৰাখিবলৈ আহ্বান জনাই ।নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কিছু বক্তব্য আগবঢ়াই। ঋতুপৰ্ণ বৰুৱাই ৰাজনৈতিক বতাহ গৰম কৰি  আজি ৰাষ্ট্ৰীয় দল বিজেপিৰ লাহোৱাল জিলা পৰিষদৰ প্ৰাৰ্থী ভূপেন কুমাৰ গগৈ ,চিৰিংহোলা গাওঁ পঞ্চায়তৰ  মনোনীত প্ৰাৰ্থী কুমুদ দত্ত আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য বিভাৰানী গগৈ ,তথা ৱাৰ্ড সদস্যক লগত লৈ  সমান্তৰালভাৱে লাহোৱালত  নিৰ্বাচনীৰ প্ৰচাৰত ৰণডংকা বজাইছে।

ঋতুপৰ্ণ বৰুৱাই পুৱা চিৰিংহোলা পঞ্চায়তৰ সভাপতি কুমুদ দত্ত আৰু ১০ টা ৱাৰ্ড সদস্যৰ লগত প্ৰতি ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাই।  মদাৰখাত গাওঁ পঞ্চায়তৰ  অন্তৰ্গত ডিকম চেচা,চেচা বাগান, খৰিকটীয়া,গোহাঁই গাঁৱ,তেলিয়াপথাৰ, ৰমাই  উক্ত গাঁৱৰ ৱাৰ্ড সদস্যক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাই। ।  বৰুৱাই কয় যে প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ দৰে ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শৱান নেতাৰ মহান আদৰ্শৰে ভাৰতক পৃথিৱীৰ ভিতৰতে এখন উল্লেখযোগ্য ৰাষ্ট্ৰ হিচাপে গড়ি তোলাৰ সংকল্পৰে জীৱনটো উছৰ্গা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।এইসকল পুৰোধাই সমগ্ৰ ভাৰতক এখন স্বচ্ছ, নিকা আৰু দুৰ্নীতি মুক্ত দেশ হিচাপে গঢ়ি তোলাৰ পণ লৈছে।ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত এই মহান সংকল্পক ৰাইজে অনুধাৱন কৰিব আৰু বিজেপি দলকেই ৰাইজে সমৰ্থন দিব বুলি  কয়। ঋতুপৰ্ণ বৰুৱাই  কয় যে বিজেপি দল শাসনলৈ অহাৰ পিছত দেশৰ তথা ৰাজ্যৰ ৰাজনীতিত ব্যাপক পৰিৱৰ্তন অহা বুলি তেওঁ কয় ,আৰু সম্প্ৰতি ৰাজ্যত দুৰ্নীতি বহু পৰিমাণে কমি গৈছে।পূৰ্বৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰী চৰকাৰৰ বিপৰীতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দৰে স্বচ্ছ আৰু নিকা নেতাৰ সুস্থ নেতৃত্ব অসমবাসীয়ে পাবলৈ সক্ষম হৈছে।এই পৰিৱৰ্তন বৰ্তি থাকিবলৈ হ’লে পঞ্চায়ত পৰ্যায়ত ৰাইজৰ সমৰ্থন অতি প্ৰয়োজন।আগন্তুক পঞ্চায়ত নিৰ্বাচনত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ৰাইজক ভোটদান দিবলৈ অনুৰোধ জনাই। বৰুৱাই কয় যে আজিলৈকে নিজ মদাৰখাত গাঁৱৰ মাজেৰে যোৱা পথটো কোনো এটা শাসনাধিষ্ট চৰকাৰে মেৰামতিৰ  কাম হাতত লোৱা নাছিল।আজি অশেষ কষ্ট কৰি এই পথটো কাম কৰিবলৈ টকা চৰকাৰৰ পৰা মোকোলাই আনিছে।

ইয়াত পঞ্চায়তৰ প্ৰত্যেক গৰাকী মনোনীত প্ৰাৰ্থীৰে অৰিহনা আছে বুলি কৈ উক্ত সভাত ৰাইজক ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতীক পদুম ফুলৰ চিহ্নত ভোট দিবলৈ অনুৰোধ জনায়। বৰুৱাই কয় আগৰ দিনৰ চৰকাৰে কোনোদিন চাহ,বাগিচাৰ ৰাইজৰ প্ৰতি সু-দৃষ্টি নিক্ষেপ কৰা নাছিল।আজি বিজেপিৰ চৰকাৰখনে চাহ-বাগিচাৰ প্ৰতিটো পৰিয়ালৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে। তেওঁ কয় মহিলা সকলৰ বাবে এই চৰকাৰে ৰন্ধন গেছ ,বিদ্যুৎ ব্যৱস্থা, আয়ুসমান কাৰ্ড বিনামূলীয়াকৈ দিয়া উক্ত সভাত ৰাইজৰ আগত অৱগত কৰে। আগৰ  চৰকাৰৰ দিনত IAY  ঘৰ আৰু  আজিৰ PMAY ৰ ঘৰৰ প্ৰাৰ্থক্য বুজাই দিয়ে।লগতে ২০২২ চনৰ ভিতৰত প্ৰত্যেকটো  কেচা ঘৰ পকা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।শেষত বিধায়কক মুখ্য কৰি প্ৰতিগৰাকী মনোনীত প্ৰাৰ্থীয়ে লক্ষীমন্দীৰত  আৰু ৰাইজৰ আগত এখনি ধৰ্মীয় শৰাই আগবঢ়াই আশীৰ্বাদ লয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here